Jawaৰ সীমিত দামেৰে বিশেষ বাইক মুকলি; ৰয়েল এনফিল্ড ক্লাছিকক জনাব প্ৰত্যাহবান

jawa-anniversary-edition

জাৱাৰ বিশেষ বাইক। উৎস-ইণ্টাৰনেট

ক্লাছিক লিজেণ্ডৰ জাৱা মটৰচাইকেল ইণ্ডিয়াই ৯০ সংখ্যক প্ৰতিষ্ঠা দিৱসত এখন আকৰ্ষণীয় বাইক মুকলি কৰিছে।

জাৱাৰ নতুন বাইকখনৰ নন এ বি এছ সংস্কৰণৰ ভাৰতীয় বজাৰত মূল্য হৈছে ১.৬৪ লাখ টকা।

আনহাতে, এ বি এছ যুক্ত বাইকখনৰ বজাৰ মূল্য হৈছে ১.৭২ লাখ টকা।

নতুনকৈ বজাৰত মুকলি কৰি দিয়া বাইকখন ১৯২৯ চনত জাৱা প্ৰতিষ্ঠা হোৱাৰ সময়ক সোঁৱৰণ কৰি মুকলি কৰা হৈছে।

বিশেষ সংস্কৰণৰ বাইকখনৰ মাত্ৰ ৯০ খনহে বিক্ৰী কৰা হ’ব।

অতি শীঘ্ৰে লাভ কৰিব ডেলিভাৰী

জাৱাৰ বিশেষ সংস্কৰণৰ বাইকখনৰ ক্ষেত্ৰত গ্ৰাহক সকলে Jawa 500 OHV ৰ পৰা প্ৰেৰণ কৰা ৯০ সংখ্যক এনেভাৰছেৰী কালাৰ স্কীম লাভ কৰিব।

তাৰোপৰি, প্ৰতিখন বাইকৰ ইন্ধন টেংকীত ৯০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰতীক আৰু অন্য ছিৰিয়েল নম্বৰ দেখা পোৱা যাব।

যদিহে আপুনি এই বাইকখন ক্ৰয় কৰে তেনেহ’লে আপুনি অনতিপলমে ইয়াৰ ডেলিভাৰী লাভ কৰিব।

জাৱা ডীলাৰশ্বিপৰ ডিছপ্লেত ১৫ অক্টোবৰৰ পৰা জাৱাৰ লিমিটেড সংস্কৰণৰ বাইকখন উপলব্ধ হ’ব।

লাকী ড্ৰ’ত বাইক জয় কৰাৰ সুবিধা

যিসকলে গ্ৰাহকে ২২ অক্টোবৰৰ মাজৰাতিৰ পূৰ্বে জাৱাৰ বাইক বুক কৰিব তেওঁলোকে এক লাকী ড্ৰ’ৰ বাবে যোগ্য হিচাপে বিবেচিত হ’ব।

লিমিটেড সংস্কৰণৰ বাইকখন জাৱা ষ্টেইড (জাৱা ক্লাছিক ৩০০) মডেলৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ইয়াত ২৯৩ চিচি লিকুইড কোল্ড চিংগল চিলিণ্ডাৰ ইঞ্জিন সংযুক্ত হৈ থাকিব।

এই ইঞ্জিনে ২৭ বি এইছ পি পাৱাৰ আৰু ২৮ এন এমলৈ টৰ্ক জেনেৰেট কৰিব। বাইকখনত ছিক্স-স্পীড গিয়েৰ বক্সৰো সুবিধা থাকিব।

আনহাতে, যিটো মূল্যত জাৱাই ভাৰতীয় বজাৰত ইয়াৰ বাইক মুকলি কৰিছে ইয়ালৈ লক্ষ্য কৰিলে কোম্পানীটোৱে ৰয়েল এনফিল্ডৰ ক্লাছিকক প্ৰত্যাহবান জনাব বুলি আশা কৰা হৈছে।