জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষণাৰ প্ৰমাণপত্ৰ বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় গৱেষণা ন্যাসৰ(এএনআৰএফ)ৰ দ্বাৰা অতি সন্মানীয় পাৰ্টনাৰশ্বিপ ফৰ এক্সেলেৰেটিং ইনোভেচন এণ্ড ৰিচাৰ্চ (পিএআইআৰ) অনুদান প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে ভাৰতৰ শীৰ্ষ গৱেষণা প্ৰতিষ্ঠানসমূহৰ ভিতৰত জেএনইউৰ স্থান উন্নিত কৰিব।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ দ্বাৰা PAIR অনুদান প্ৰদান কৰা হ’য়। যি ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামো (NIRF)ৰ ভিত্তিত ৩০টা অসাধাৰণ গৱেষণা কেন্দ্ৰ নিৰ্বাচন কৰিছিল। প্ৰতিটো কেন্দ্ৰক উদীয়মান আৰু উচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ষেত্ৰসমূহত অত্যাধুনিক গৱেষণাক প্ৰসাৰিত কৰিবলৈ কেইবাটাও সহযোগী প্ৰতিষ্ঠানক পথ প্ৰদৰ্শন কৰাৰ দায়িত্ব দিয়া হৈছে।
অনুদানৰ বাবে নিৰ্বাচিত চূড়ান্ত সাতখন প্ৰতিষ্ঠানৰ ভিতৰত জে এন ইউৰ লগতে আছে তিনিখন আই আই টি, এখন এন আই টি, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি) আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়।
উল্লেখ্য যে জে এন ইউয়ে ইয়াৰ সহযোগী শিক্ষাপ্ৰতিষ্ঠান চেণ্ট্ৰেল ইউনিভাৰ্চিটি অৱ পঞ্জাৱ, দিল্লী ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি আৰু বেৰহামপুৰ ইউনিভাৰ্চিটিক গাইড কৰিব।
ANRF-PAIR এই উদ্যোগৰ জৰিয়তে নতুন আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত গৱেষণা, ক্ষমতা বিকাশ, আৰু সহযোগিতা উন্নীত কৰা হ’ব। এই অনুদানে JNU-ৰ বিজ্ঞান অনুষদসমূহক ৰাষ্ট্ৰীয় গৱেষণাৰ শীৰ্ষ স্তৰলৈ উন্নীত কৰাৰ দিশত আগোৱাই নিব।