জয়সাগৰ ৰাস উৎসৱ: পৰাগধৰ চলিহা ষ্টেডিয়ামত স্থাপন লাই খুঁটা

Sivasagar

জয়সাগৰৰ ৰাস উৎসৱৰ লাই খুঁটা স্থাপনেৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজত মণ্ডপ আৰু অস্থায়ী নামঘৰৰ লাই খুঁটা স্থাপনেৰে আনুষ্ঠানিক শুভাৰম্ভ হৈছে শিৱসাগৰৰ জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত উদযাপিত হ’ব লগীয়া ৰাস উৎসৱৰ।

শতাধিক ভকত-ভকতনীৰ উপস্থিতিত খোল-তাল, উৰুলি আৰু হৰিধ্বনিৰে মুখৰিত পৰিৱেশত জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত সোমবাৰে লাই খুঁটা স্থাপন কৰে গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বেণু গগৈ আৰু ৰংপুৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ভুৱন চন্দ্ৰ দত্তই।

কেন্দ্ৰটোৰ উদ্যোগত বৃহত্তৰ জয়সাগৰ অঞ্চলৰ প্ৰায় ২১ খন গাঁৱৰ ৰাইজৰ সহযোগত ২২, ২৩ আৰু ২৪ নৱেম্বৰত এই ৰাস উৎসৱ অনুষ্ঠিত হ’ব।

বন্তি প্ৰজ্বলন আৰু সমূহীয়া প্ৰাৰ্থনাৰে অনুষ্ঠানটো আৰম্ভ কৰে ধৰ্মপ্ৰাণ ব্যক্তি প্ৰফুল্ল বৈশ্যই। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তাৰা নাথ শৰ্মা আৰু বিষয়ববীয়া প্ৰকাশ নাথে আঁত ধৰা অনুষ্ঠানত শিক্ষাবিদ বেণু গগৈয়ে ৰাসলীলাৰ তাৎপৰ্য্য আৰু আধ্যাত্মিকতাৰ ওপৰত বক্তব্য দাঙি ধৰে।

লগতে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি ড০ হেমন্ত কুমাৰ ফুকন আৰু কাৰ্য্যকৰী সভাপতি সুশীল চন্দ্ৰ বৰুৱাই ৰাইজক উদ্দেশ্যি ৰাসলীলাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

ৰাস মহোৎসৱ সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে উদযাপন সমিতিয়ে সকলো ভকত-ভকতনী তথা ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।