কাৰ্যালয়ত কোনো কৰ্মচাৰীয়ে পিন্ধিব নোৱাৰিব জিনছ, টি-চাৰ্ট !

পোছাক বিতৰ্ককলৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে উত্তৰ প্ৰদেশত এটা বিশেষ চৰকাৰী কাৰ্যালয়ত জিনছ, টি চাৰ্ট পিন্ধাটো নিষিদ্ধ কৰা হৈছে।

উত্তৰ প্ৰদেশৰ বৰেলী জিলা দণ্ডাধীশৰ কাৰ্যালয়ত কৰ্মচাৰী আৰু বিষয়াসকলক কেজুৱেল পিন্ধিবলৈ অনুমতি দিয়া নহ’ব। প্ৰশাসনে কৰ্মচাৰীসকলক সতৰ্ক কৰি দিছে যে যদি তেওঁলোকে চৰকাৰী পোছাক বিধি উলংঘা কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বৰেলী জিলা প্ৰশাসনে শেহতীয়া নিৰ্দেশনাটো কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে।

নিৰ্দেশনাটোত কোৱা হৈছে “চৰকাৰী কৰ্মচাৰী আৰু বিষয়াসকলে আনুষ্ঠানিক পোছাক পিন্ধিব লাগিব যাতে তেওঁলোকক বিষয়া যেন দেখি। যিসকলে কেজুৱেল পিন্ধি পিন্ধিব বিচাৰে তেওঁলোকে সেয়া কাৰ্যালয়ৰ বাহিৰত পিন্ধিব পাৰিব। আগতেও পোছাক সংহিতাৰ বাবে কেইবাবাৰো লিখিত আদেশ জাৰি কৰা হৈছিল।

তেওঁলোকক কাৰ্যালয়ত জিনছ আৰু টি-চাৰ্ট পৰিধান নকৰি আনুষ্ঠানিক পোছাক পিন্ধিবলৈ কোৱা হৈছিল,”। এই প্ৰসংগত জিলা দণ্ডাধীশ শিৱকান্ত দ্বিবেদীয়ে কয় যে কাৰ্যালয়লা জিনছ টি চাৰ্ট পিন্ধি আহিলেই বিভাগীয় শাস্তিৰ সন্মুখীন হ’ব লাগিব।প্ৰশাসনিক বিষয়া শীৱেশ কুমাৰ গুপ্তাই দণ্ডাধীশৰ আদেশক প্ৰশংসা কৰি কৈছে যে কৰ্মচাৰীসকলে কাৰ্যালয়ত আনুষ্ঠানিক কাপোৰ পিন্ধিব লাগে। এয়া পোছাক বিধিৰ ভিৰৰে কথা।

তেওঁ কয় “কাৰ্যালয়ত পোছাক সংহিতাৰ ব্যৱস্থা আছে আৰু এয়া কোনো নতুন কথা নহয়। কাৰ্যালয়ৰ সকলো জ্যেষ্ঠ কৰ্মীয়েই আনুষ্ঠানিক পোছাক পিন্ধি আহে । তেওঁলোকে কেতিয়াও জিনছ নিপিন্ধে । আমাৰ কিছু সংখ্যক নতুন সহকৰ্মীয়ে কেতিয়াবা জিনছ আৰু টি-চাৰ্ট পিন্ধে। কিন্তু তেওঁলোককো নিৰ্দেশ দিয়া যাতে ভৱিষ্যতে তেওঁলোকে তেনে নকৰে।সকলোৱে আনুষ্ঠানিক পোছাক পৰিধান কৰা উচিত,” ।

বিগত বৰ্ষত মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যিক সচিবালয় আৰু চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো জিনছ, টি চাৰ্ট পিন্ধাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।