NORTHEAST NOW (Assamese)

যুৱ অলিম্পিকত ভাৰতক প্ৰথমটো স্বৰ্ণ পদকৰ সোৱাদ দিলে মিজোৰামৰ জেৰেমি লালৰিনুংগাই

October 9, 2018 1:11 pm · এন ই নাও নিউজ
যুৱ অলিম্পিকৰ ইতিহাসত প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰা মিজোৰামৰ জেৰেমি লালৰিনুংগা

আৰ্জেটিনাত চলি থকা যুৱ অলিম্পিকত স্বৰ্ণ পদকেৰে ইতিহাস গঢ়িলে মিজোৰামৰ ১৫ বছৰীয়া ভাৰোত্তোলক জেৰেমি লালৰিনুংগাই । প্ৰতিযোগিতাখনৰ ৬২ কিলোগ্ৰাম শাখাত জেৰেমিয়ে স্বৰ্ণ পদক জয় কৰাৰ পাছতে ভাৰতে যুৱ অলিম্পিকৰ ইতিহাসত প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে জেৰেমিৰ এই সাফল্যৰ পূৰ্বে কোনো ভাৰতীয় খেলুৱৈয়ে যুৱ অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰিব পৰা নাছিল।

সোমবাৰে নিশা অনুষ্ঠিত হোৱা খেলত জেৰেমীয়ে মুঠ ২৭৪ কিলোগ্ৰাম ভাৰ দাঙি এই কৃতিত্বৰ অধিকাৰী হয়। জেৰেমীৰ স্বৰ্ণ পদকৰ সৈতে যুৱ অলিম্পিক ২০১৮ত ভাৰতৰ মুঠ পদকৰ সংখ্যা ৪টালৈ বৃদ্ধি হৈছে।

আইজলৰ ১৫ বছৰীয়া এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে বিশ্ব যুৱ ভাৰোত্তোলন প্ৰতিযোগিতাতো ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আনহাতে এইবছৰৰে আৰম্ভণিতে অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপতো যুৱ শাখাত ৰূপ আৰু জুনিয়ৰ শাখাত ব্ৰঞ্জ পদক লাভ কৰিছিল।

Related News