প্ৰাপ্য দৰমহা আদায় দিয়াৰ দাবীৰে বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজৰ কৰ্মচাৰীৰ প্ৰতিবাদ

WhatsApp Image 2019-05-09 at 5.00.28 PM

বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজৰ কৰ্মচাৰীৰ প্ৰতিবাদ।

সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ২৬ হাজাৰ জেট এয়াৰৱেজৰ কৰ্মচাৰীক ৩ মাহ ধৰি প্ৰাপ্য দৰমহা আদায় নিদিয়াৰ প্ৰতিবাদত আজি গুৱাহাটীৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জেট এয়াৰৱেজৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, বিভিন্ন কাৰণত ভাৰতত চৰকাৰে জেট এয়াৰৱেজৰ উৰণ অনিয়মীয়া ভাবে বন্ধ কৰি থৈছে। যাৰফলত প্ৰতিষ্ঠানটোত কাম কৰি থকা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিবলগা পৰিবেশৰ সৃষ্টি হৈছে।

প্ৰতিবাদকাৰী সকলে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবে আজি প্ৰতিবাদ সাব্যস্ত কৰি মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

জেট এয়াৰৱেজৰ কৰ্মচাৰীসকলে চৰকাৰৰ প্ৰতিষ্ঠানটোৰ বিমানসেৱা এনেদৰে বন্ধ কৰি ৰখা সিদ্ধান্তৰ বিৰুদ্ধে গোপীনাথ বৰদলৈ বিমানবন্দৰৰ মূল প্ৰবেশদ্বাৰৰ পৰা ভি আই পি চ’কলৈ এটা প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদকাৰীসকলে আমাৰ প্ৰাপ্য দৰমহা আদায় দিয়ক, জেট এয়াৰৱেজ গ’ বেক আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

অসমৰ লগতে ভাৰতবৰ্ষৰ আন আন ৰাজ্যসমূহতো জেট এয়াৰৱেজৰ কৰ্মচাৰী সকলে প্ৰাপ্য দৰমহা আদায় দিয়াৰ দাবীৰে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।