NORTHEAST NOW (Assamese)

স্থানীয় অধিবাসীৰ অধিকাৰঃ ঝাৰখণ্ড বিধানসভাত উত্থাপন দুখনকৈ বিধেয়ক

November 11, 2022 3:46 pm · এন ই নাও নিউজ,গুৱাহাটী

২০১৯ ৰ বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ঝাৰখণ্ড বিধানসভাত আজি উত্থাপন কৰা হয় স্থানীয় অধিবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা দুখনকৈ বিধেয়ক।

আজি উত্থাপন কৰা এখন বিধেয়কে যিকোনো চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ (অ’বিচি) বাবে সংৰক্ষণ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।

চৰকাৰে অনুসূচীত জনজাতিৰ বাবে কোটা ২৬ শতাংশৰ পৰা ২৮ শতাংশলৈ, অনুসূচীত জাতিৰ বাবে পূৰ্বৰ কোটা ১০ শতাংশৰ পৰা ১২ শতাংশলৈ আৰু অ’বিচিৰ কোটা ১৪ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰিব ।

দ্বিতীয় বিধেয়কখনে ঝাৰখণ্ডৰ জনজাতীয় গোষ্ঠীসমূহৰ দীৰ্ঘদিনীয়া দাবী অনুসৰি মূল অধিবাসীসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰত ১৯৩২ চনৰ ভূমি কৰ্মক ‘প্ৰামাণিক’ তথ্য হিচাপে গণ্য কৰিব বিচাৰিছে।

যিবোৰ পৰিয়ালৰ ওচৰত নথিখন আছে তেওঁলোকক জনজাতীয় অধ্যুষিত ঝাৰখণ্ডৰ মূল অধিবাসী হিচাপে স্বীকৃতি দিয়া হ’বৰাজ্য খনৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে আজি এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য খনৰ স্থানীয় বাসিন্দাসকলক সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ দিবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

Related News