মন্ত্ৰী- বিধায়ক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে গৃহবন্দী মুখ্যমন্ত্ৰী

73015722

ক’ৰ’ণা ভাইৰাছে সৰু-বৰ,ধনী- দুখীয়া, প্ৰভাৱশালী-প্ৰভাৱহীন কাকো চিনি নাপায়।

সেই বাবেই কৰ’ৱাত যদি ৰাষ্ট্ৰপতি আক্ৰান্ত হৈছে ক’ৰ’ণাত, কৰ’ৱাত আকৌ মন্ত্ৰী- বিধায়কক ধৰাশায়ী কৰিছে ক’ৰ’ণাই।

ভাৰতৰ এখন উল্লেখযোগ্য ৰাজ্য  ঝাৰখণ্ডত শেহতীয়াকৈ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে এগৰাকী কেবিনেট মন্ত্ৰী আৰু এগৰাকী বিধায়ক।

ৰাজ্যখনৰ জল আৰু অনাময় দপ্তৰৰ মন্ত্ৰী মিথিলেশ ঠাকুৰ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়ক মথুৰা মাহাতো শেহতীয়াকৈ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে নিজকে গৃহবন্দী কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে।

বুধবাৰে এক টুইট যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে তেওঁৰ মন্ত্ৰী সভাৰ এজন মন্ত্ৰী আৰু দলৰ এজন বিধায়ক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত তেওঁ সতৰ্কতামূলক ব্যৱস্থা হিচাবে নিজকে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছে।

তেওঁ কিছুদিনৰ বাবে এনেদৰে গৃহবন্দী হৈ থাকিব বুলি টুইট যোগে প্ৰকাশ কৰিছে।

ঝাৰখণ্ডত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩০১৮ গৰাকী।

ইতিমধ্যে ২২ গৰাকী লোকৰ ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ হৈছে আইচ’লেচনলৈ যোৱা দেশৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী। তেওঁৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আইচ’লেচনলৈ গৈছিল।