ঝাৰখণ্ডে প্ৰৱৰ্তন কৰিব ম’ব লিঞ্চিঙ বিৰোধী আইন

Jharkhand proposed a new anti-lynching law

ঝাৰখণ্ড চৰকাৰে এখন নতুন লিঞ্চিং বিৰোধী আইনৰ প্ৰস্তাৱ দিছে। ৰাজ্যিক আইনসভাৰ শীতকালীন অধিৱেশনত এই আইন প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে।

গণহিংসা আৰু মব লিঞ্চিং প্ৰতিৰোধ বিধেয়ক, 2021-ৰ খচৰা অনুসৰি আইন খনৰ উদ্দেশ্য হৈছে সাংবিধানিক অধিকাৰৰ কাৰ্যকৰী সুৰক্ষা প্ৰদান কৰা আৰু জনতাৰ হিংসা প্ৰতিৰোধ কৰা।

খচৰা আইনত বিস্ফোৰক আৰু দায়িত্বহীন সমল প্ৰচাৰৰ বাবে এজাহাৰ পঞ্জীয়ন কৰা, ভুক্তভোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা আৰু ভুক্তভোগী বা সাক্ষীসকলৰ বাবে প্ৰতিকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে শাস্তি দিয়াৰ দৰে ব্যৱস্থা অন্তৰ্ভুক্ত আছে।

ই লিঞ্চিং বা ইয়াৰ প্ৰৰোচনাত দোষী সাব্যস্ত হোৱা যিকোনো লোকৰ বাবে সৰ্বাধিক আজীৱন কাৰাদণ্ড আৰু ২৫ লাখ টকাৰ জৰিমনা নিৰ্ধাৰণ কৰে।

যদি আইনখন গৃহীত হয় ঝাৰখণ্ড পশ্চিম বংগ, ৰাজস্থান আৰু মণিপুৰৰ পিছত লিঞ্চিং বিৰোধী আইন গ্ৰহণ কৰা চতুৰ্থ ভাৰতীয় ৰাজ্য হ’ব। যিহেতু ঝাৰখণ্ড মুক্তি মৰ্চা-কংগ্ৰেছ-ৰাষ্ট্ৰীয় জনতা দল মিত্ৰজোঁটৰ ৰাজ্যিক বিধানসভাৰ ৮১ খন আসনৰ ভিতৰত ৪৯ খন আসন আছে, সেয়েহে আইনখন প্ৰৱৰ্তন কৰাৰ পিছত গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

“২০১৯ ৰ বিধানসভা নিৰ্বাচনৰ বাবে আমাৰ ইস্তাহাৰত আমি ৰাজ্যখনত লিঞ্চিং প্ৰতিহত কৰিবলৈ কঠোৰ আইন অনাৰ প্ৰতিশ্ৰুতি দিছিলো। এই বিধেয়কৰ জৰিয়তে আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব বিচাৰো।” ঝাৰখণ্ড মুক্তি মৰ্চাৰ সাধাৰণ সম্পাদক সুপ্ৰিয় ভট্টাচাৰ্যই কয়।

২০১৯ চনত তাব্ৰেজ আনছাৰী নামৰ এজন মুছলমান যুৱকক হত্যা কৰাৰ পিছত ঝাৰখণ্ডত লিঞ্চিং এক গুৰুতৰ বিষয় হৈ পৰিছিল। উল্লেখ্য যে যুৱকজনক “জয় শ্ৰী ৰাম” আৰু “জয় হনুমান” উচ্চাৰণ কৰিবলৈ বাধ্য কৰি এজাক উন্মাদ লোকে প্ৰহাৰ কৰিছিল।

স্মৰ্তব্য যে ২০১৮ চনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ম’ব লিঞ্চিঙৰ বিৰুদ্ধে আইন প্ৰনয়ণ আৰু ফাষ্ট ট্ৰেক আদালত স্থাপনৰ নিৰ্দেশ দিছিল। ২০১৯ চনতো এই সন্দৰ্ভত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু ৰাজ্য চৰকাৰ সমূহে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক আওকান কৰিছিল।