ঝাৰখণ্ডত সকলো ব্যক্তিগত খণ্ডৰ কোম্পানীত নিযুক্তি দিব লাগিব ৭৫ শতাংশ স্থানীয় লোকক

ঝাৰখণ্ডৰ সকলো ব্যক্তিগত প্ৰতিষ্ঠানত স্থানীয় লোকৰ বাবে ৭৫ শতাংশ পদ সংৰক্ষিত কৰিব লাগিব। হেমন্ত ছোৰেনৰ নেতৃত্বত ঝাৰখণ্ডৰ কেবিনেটে এই সিদ্ধান্ত লৈছে।

ছোৰেনে বিষয়াসকলক ব্যক্তিগত খণ্ডত মাহিলী ৪০,০০০ টকালৈকে দৰমহাৰ সৈতে স্থানীয় লোকসকলক ৭৫% সংৰক্ষণ প্ৰদান কৰা আঁচনিখন কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাজ্যিক বিধানসভাই যোৱা বছৰ ছেপ্টেম্বৰত ব্যক্তিগত খণ্ডৰ বিধেয়ক,২০২১ ৰ লগতে ঝাৰখণ্ড ৰাজ্যিক নিযুক্তি বিধেয়ক ২০২১ গৃহীত কৰিছিল। সংশোধিত বিধেয়কখনে দৰমহাৰ সীমা আগৰ ৩০,০০০ টকাৰ পৰা ৪০,০০০ টকালৈ বৃদ্ধি কৰিছে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক তথ্য অনুসৰি ছোৰেনে বিষয়াসকলক অহা মাহৰ পৰা আইনখন কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য ব্যক্তিগত চাকৰিত স্থানীয় যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়াৰ প্ৰস্তাৱটো ২০১৯ ৰ বিধানসভা নিৰ্বাচনত জেএমএমৰ ইস্তাহাৰৰ এটা অংশ আছিল।