পুনৰ Jio’ৰ লোভনীয় অফাৰ; ৰিচাৰ্জ কৰি বিনামূল্যে সম্পূৰ্ণ IPL চোৱাৰ সুযোগ

WhatsApp Image 2020-09-17 at 7.54.09 PM

আৰু কেইদিনমান পাছতেই আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল)। কৰ’না সংক্ৰমণৰ বাবে আই পিএল এইবাৰ ভাৰতত অনুষ্ঠিত নহয়।

এইবাৰ আইপিএল ১৩-ৰ আকৰ্ষণ ডুবাইলৈ স্থানান্তৰিত হৈছে।  তদুপৰি, খেলপথাৰত প্ৰৱেশৰো অনুমতি নাই।

এনে পৰিস্থিতিত আইপিএলৰ খেল উপভোগ কৰিবলৈ টিভি বা মোবাইলে ভৰসা। দেশৰ আগশাৰীৰ টেলিকম সংস্থা ৰিলায়েন্স জিঅ’ই ইয়াৰ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে বিশেষ অফাৰ।

ইয়াৰ জৰিয়তে গ্ৰাহকসকলে আইপিএল খেলসমূহ বিনামূল্য উপভোগ কৰাৰ সুবিধা লাভ কৰিব।

জিঅ’ই এক বিবৃতিত বুধবাৰে প্ৰকাশ কৰিছে যে এতিয়াৰে পৰা ৫৯৮টকাৰ ৰিচাৰ্জত বিনামূলীয়াকৈ ডিজনি+ হটষ্টাৰ ডিজিটেল প্লেটফৰ্মৰ ছাবস্ক্ৰীপশ্যন পোৱা যাব।

গতিকে, অনায়াসে গ্ৰাহকে আইপিএলৰ সকলো মেচ চাব পাৰিব। তদুপৰি, জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং, দৈনিক ২ জিবি ডাটা, জিঅ’ৰ পৰা আন নম্বৰলৈ ২০০০মিনিট ফোন কৰাৰ সুবিধা আৰু দৈনিক ১০০টা এছএমএছৰ সুবিধা পোৱা যাব।

উক্ত ৰিচাৰ্জ পেকৰ ভেলিডিটি হৈছে ৫৬ দিন। ইয়াৰ উপৰি, জিঅ’ৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, ৭৭৭টকাৰ ৰিচাৰ্জটো বিনামূলীয়াকৈ ডিজনি+ হটষ্টাৰ ডিজিটেল প্লেটফৰ্মৰ ছাবস্ক্ৰীপশ্যন পোৱা যাব।

সেইদৰে, জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং, দৈনিক ১.৫ জিবি ডাটা, জিঅ’ৰ পৰা আন নম্বৰলৈ ৩০০০ মিনিট ফোন কৰাৰ সুবিধা আৰু দৈনিক ১০০টা এছএমএছৰ সুবিধা পোৱা যাব। এই ৰিচাৰ্জ পেকৰ ভেলিডিটি হৈছে ৮৪ দিন।

আনহাতে, ৪০১ আৰু ২৫৯৯টকাৰ ৰিচাৰ্জ কৰিলেও ডিজনি+ হটষ্টাৰ ডিজিটেল প্লেটফৰ্মৰ ছাবস্ক্ৰীপশ্যন বিনামূলীয়াকৈ পোৱা যাব।

৪০১টকাৰ প্লেনত গ্ৰাহকসকলে দৈনিক ৩জিবি কৰি মুঠ ৯০জিবি ডাটা লাভ কৰিব। ইয়াৰ ভেলিডিট হৈছে ২৮দিন। ইয়াৰ লগতে ৬জিবি অতিৰিক্ত ডাটা,  জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং, জিঅ’ৰ পৰা আন নম্বৰলৈ ১০০০ মিনিট ফোন কৰাৰ সুবিধা আৰু দৈনিক ১০০টা এছএমএছৰ সুবিধা পোৱা যাব। তদুপৰি থাকিব জিঅ’ৰ একাধিক এপ ব্যৱহাৰৰ সুযোগ।

সেইদৰে, ২৫৯৯টকাৰ ৰিচাৰ্জত গ্ৰাহকে দৈনিক ২জিবি ডাটা লাভ কৰিব। ৩৬৫দিনৰ ভেলিডিটি থকা এই প্লেনত অতিৰিক্ত ১০জিবি ডাটাও লাভ কৰিব। তদুপৰি আছে এবছৰৰ বাবে বিনামূলীয়া ডিজনি+ হটষ্টাৰ ডিজিটেল প্লেটফৰ্মৰ ছাবস্ক্ৰীপশ্যনৰ সুবিধা।

ইয়াৰ লগতে থাকিব জিঅ’ৰ পৰা জিঅ’লৈ আনলিমিটেড কলিং, জিঅ’ৰ পৰা আন নম্বৰলৈ ১২০০ মিনিট ফোনৰ সুবিধা আৰু দৈনিক ১০০টা এছএমএছৰ সুবিধা।