Jioৰ তিনিটা নতুন প্লেন মুকলি; অন্য নেটৱৰ্কলৈ কল কৰিবলৈ লগাওক এইবাৰ FUP

jio_main_1571651261_618x347

প্ৰতিনিধিত্বমূলক ফটো

Reliance Jioইএইবাৰ তিনিটা নতুন আনলিমিটেড প্লেন মুকলি কৰিছে। ইয়াক কোৱা হৈছে All in one প্লেন।

কিছুদিন পূৰ্বে কোম্পানীটোৱে IUCৰ কথা দোহাৰি জিঅ’ৰ বাহিৰত অন্য নেটৱৰ্কলৈ ফোন কৰিলে অতিৰিক্ত পইচা লোৱাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ বাবে কোম্পানীটোৱে কিছুমান IUC Top Ups ও মুকলি কৰিছিল। এতিয়া কোম্পানীটোৱে ইয়াক সৰলীকৰণ কৰি তিনিটা নতুন প্লেন মুকলি কৰিছে।

এই তিনিটা প্লেনত গ্ৰাহক অধিক ডাটা দিয়া হ’ব আৰু অন্য নেটৱৰ্কলৈ আনলিমিটেড কলৰ সুবিধাও থাকিব।

কিন্তু ইয়াত পূৰ্বৰ দৰে আনলিমিটেড কলৰ সুবিধা নাথাকিব, গ্ৰাহকে এই নতুন পেক’ৰ জৰিয়তে মাহটোত ১০০০ মিনিটহে অন্য নেটৱৰ্কলৈ কল কৰিব পাৰিব। ইয়াত আনলিমিটেডৰ লগতে FUP(Fair Usage Policy)লগাবলৈও কোৱা হৈছে।

ফটো উৎস : ইন্টাৰনেট

২২২ টকাৰ প্লেনঃ

নতুন তিনিটা প্লেনৰ ভিতৰত এটা হৈছে ২২২ টকাৰ প্লেন। এইটো ২৮ দিনৰ ভেলিডিটি প্লেন। ইয়াত জিঅ’ৰ পৰা জিঅ’লৈ ফ্ৰী কলৰ লগতে প্ৰতিদিনে 2GB ডাটা লাভ কৰিব। কিন্তু জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ ১০০০ মিনিটহে কল কৰিব পাৰিব।

৩৩৩ টকাৰ প্লেনঃ

এইটো দুমাহৰ ভেলিডিটি প্লেন আৰু ইয়াতো গ্ৰাহকে প্ৰতিদিনে 2GB ডাটা লাভ কৰিব। ইয়াতো জিঅ’ৰ পৰা জিঅ’লৈ ফ্ৰী কলৰ লগতে জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ ১০০০ মিনিটহে কল কৰিব পাৰিব।

৪৪৪টকাৰ প্লেনঃ

ইয়াত ভেলিডিটি তিনিমাহৰ থাকিব আৰু গ্ৰাহকে প্ৰতিদিনে 2GB ডাটা লাভ কৰিব। ইয়াতো জিঅ’ৰ পৰা জিঅ’লৈ ফ্ৰী কলৰ সুবিধা থাকিব আৰু জিঅ’ৰ পৰা আন নেটৱৰ্কলৈ গ্ৰাহকে প্ৰতিমাহে ১০০০ মিনিট কলৰ সুবিধা পাব।

কোম্পানীটোৱে জানিবলৈ দিয়ে যে উক্ত প্লেনৰ জৰিয়তে গ্ৰাহকক এছএমএছ আৰু এপছৰ ছাবস্ক্ৰিপশ্যন দিয়া হ’ব।

জিঅ’ৰ চলিত প্লেনত সৈতে নতুন প্লেনৰ তুলনা কৰিলে নতুন প্লেনত অধিক ডাটা লাভ কৰিব। কোম্পানীয়ে কৈছে যে এই প্লেনৰ জৰিয়তে গ্ৰাহকে ৮০ টকা বচাব পাৰে, কিয়নো পৃথকে IUC Top Upsৰ কাৰণে গ্ৰাহকে পইচা দিবলগীয়া হয় আৰু ১০০০ মিনিটৰ বাবে ৮০ টকা খৰচ হয়।

মুঠতে এই তিনিটা প্লেনত গ্ৰাহকৰ বাবে IUC Top Upsইয়াতেই একপ্ৰকাৰে লগ লগাই দিয়া হৈছে আৰু ডাটা বঢ়াই দিয়া হৈছে।

অৱশ্যে মন কৰিবলগীয়া কথাটো হ’ল যে এই প্লেনৰ ভিতৰত মাহটোত গ্ৰাহকে যদি অন্য নেটৱৰ্কলৈ ১০০০ মিনিটতকৈ অধিক কল কৰে তেতিয়াহ’লে গ্ৰাহকে পুনৰ IUC টপ্ আপ ভৰাব লাগিব।