NORTHEAST NOW (Assamese)

শীঘ্ৰেই আৰম্ভ হ’ব জিঅ’ৰ 5G সেৱা

March 5, 2020 8:32 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ৰিলায়েন্স জিঅ’ই ভাৰতত অতি সোনকালে আৰম্ভ কৰিব ইয়াৰ ৫জি সেৱা।

কলিংগ টিভিৰ বাতৰি মতে, ভাৰতৰ এক নম্বৰ টেলিকম কোম্পানিটোৱে ৫জি সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি বিচাৰিছে।

জিঅ’ই দেশত ৫জি নেটৱৰ্ক গঢ়ি তোলাৰ বাবে আন কোনো কোম্পানিৰ সহায় নলয় বুলি বাতৰিত প্ৰকাশ।

খবৰ মতে, প্ৰাৰম্ভিক নেটৱৰ্ক পৰীক্ষা সম্পন্ন কৰাৰ পিছতে জিঅ’ই নিজাকৈ ৫জি হেণ্ডছেট মুকলি কৰাৰো পৰিকল্পনা কৰিছে।

হেণ্ডছেটসমূহৰ নিৰ্মাণৰ বাবে জিঅ’ই বিভিন্ন কোম্পানিৰ সৈতে লগ লগাৰ পৰিকল্পনা কৰিছে বুলি প্ৰকাশ।

Related News