এসপ্তাহত ১৫ টি নৱজাতকৰ মৃত্যু: জেএমচিএইচৰ তদন্ত ঘোষণা

Jorhat-Medical-College-and-

যোৰহাট মেডিকেল কলেজ হাস্পাতাল। ফাইল ফটো

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৬দিনতে  ১৫টি নৱজাতকৰ মৃত্যুৰ ঘটনাত সকলো স্তম্ভিত হৈ পৰিছে।তদুপৰি, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সুনাম থকা জেএমচিএইচৰ শিশুৰোগ বিশেষজ্ঞসকলকো এই ঘটনাই উদ্বিগ্ন কৰি তুলিছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ সৌৰভ বৰকটকীয়ে হাস্পাতালখনৰ নৱজাত শিশুৰ বিশেষ যতন শাখাত যোৱা ১ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰৰ ভিতৰত এই বৃহৎ সংখ্যক শিশুৰ মৃত্যুৰ ঘটনাৰ এক আভ্যন্তৰীণ ঘটনাৰ তদন্ত ঘোষণা কৰিছে।

এই সময়ছোৱাত কি ভুলৰ বাবে ১৫ টিকৈ শিশু মৃত্যুমুখত পৰিবলগীয়া হ’ল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপ অধীক্ষক ডাঃ নীলোৎপল ভট্টাচাৰ্যই কয় যে হাস্পাতলখনৰ নৱজাত শিশুৰ বিশেষ যতন শাখাৰ নডেল অ’ফিচাৰ তথা শিশুৰোগ বিভাগৰ সহযোগী অধ্যাপক মানৱ নাৰায়ন বৰুৱাৰ পৰা তথ্য অনুসৰি আন নাৰ্ছিং হ’ম তথা দূৰৰ হাস্পাতলৰ পৰা চিকিৎসাৰ বাবে ‘ৰেফাৰ’ কৰা সংখ্যা অতি বেছি।

‘’ বেছিভাগ ক্ষেত্ৰতে উৎসৱৰ সময়ছোৱাত এইটো দেখা যায়  আৰু হাস্পাতলখন ভৰ্তি হোৱা এই বৃহৎ ৰোগীৰ মোকাবিলা কৰিবলৈ সু-সজ্জিত নহয়। নৱজাত শিশুৰ বিশেষ যতন শাখাত ৪০ টি শিশু ৰখাৰ ব্যৱস্থা আছে যদিও তাত ৮৪ টি শিশুক চিকিৎসাৰ বাবে ৰখা হৈছিল,’’-ভট্টাচাৰ্যই কয়।

তেওঁ লগতে কয় যে নৱজাত শিশুসকলৰ মাজত এমাহতকৈ কম বয়সৰ কেঁচুৱা আছিল আৰু তাৰ মাজত চাপ সহ্য কৰিব নোৱাৰি যোৱা ৬ নৱেম্বৰত ৬ টি শিশুৰ মৃত্যু হৈছিল।

ভট্টাচাৰ্যই কয় যে তদন্তই প্ৰকৃত কাৰণ উদঘাটন কৰিব আৰু চিকিৎসকৰ গাফিলতি বা সা-সৰঞ্জামৰ অভাৱৰ বাবে ঘটনাটো সংঘটিত হৈছে তাক নিশ্চিত কৰিব।

তদন্তটো কৰিবলৈ দিয়া ৬ জন চিকিৎসকৰ ভিতৰত আছে শিশুৰোগ বিভাগৰ মুৰব্বী ডাঃ প্ৰনৱজিৎ বিশ্বনাথ, পুৰ্ণিমা শইকীয়া, সদস্য সচিব, বিষ্ণুৰাম দাস কমিউনিটি মেডিচিন, প্ৰসূতি বিভাগৰ ভাৰপ্ৰাপ্ত চিকিৎসক প্ৰনৱিকা মহন্ত আৰু এম এন বৰুৱা।