‘জিন্না’ৰ প্ৰসংগত হিমন্তক ইতিহাসৰ জ্ঞান দিলে জে এন য়ুৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে

“স্বাধীনতা সংগ্ৰামৰ শেষৰ ফালে মুছলিম লীগৰ সৈতে হিন্দু মহাসভাই মহা জোঁটবন্ধন কৰিছিল”

Jignesh Mewani

গুৱাহাটীত নাগৰিক সমাজে আয়োজন কৰা যুৱ অভিৱৰ্তনত ভাষণৰত অৱস্থাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি এন সাই বালাজী।

কিছুদিন পূৰ্বে সংবাদ মাধ্যমত বক্তব্য ৰখাৰ সময়ত মুছলিম লীগৰ ‘জিন্না’ৰ নাম উচ্চাৰণ কৰি তথা বিধেয়ক গৃহীত নহ’লে অসমখন জিন্নাৰ হাতলৈ গুচি যাব’ বুলি অসমৰ খিলঞ্জীয়া জনসাধাৰণক ভীতিগ্ৰস্ত কৰি ৰাখিব বিচৰা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক ‘ইতিহাসৰ জ্ঞান’ দিলে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি এন সাই বালাজীয়ে।

শনিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ প্ৰাগজ্যোতি অসম নাগৰিক সমাজৰ উদ্যোগত আয়োজিত যুৱ অভিৱৰ্তনত অংশগ্ৰহণ কৰি দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ যুৱ ছাত্ৰ নেতাজনে হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি-আৰ এছ এছৰ কাম-কাজৰ কঠোৰ ভাষাৰে সমালোচনা কৰে।

“জিন্নাৰ নাম লৈ ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিব বিচাৰিছো যে স্বাধীনতা সংগ্ৰামৰ শেষৰ ফালে মুছলিম লীগৰ সৈতে হিন্দু মহাসভাই মহা জোঁটবন্ধন কৰিছিল।”, ছাত্ৰ নেতা বালাজীয়ে কয়।

ইয়াৰোপৰি, স্বাধীনতা সংগ্ৰামৰ বীৰ চহিদ ভগত সিঙৰ ৮৮তম মৃত্যু বাৰ্ষিকীৰ দিনটোত স্মৰণ কৰে যদিও বালাজীয়ে ‘সিঙৰ নাম বিজেপিৰ নেতাসকলে কেনেকৈ লয়’ বুলিও প্ৰশ্ন কৰে।

বালাজীয়ে কয়, “ভগত সিঙৰ নীতি-আদৰ্শৰ লগত বিজেপিৰ অলপো মিল নাই। ভগত সিং স্বাধীনতা সংগ্ৰামী আছিল আৰু তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল। সেই সময়ত আৰ এছ এছে ব্ৰিটিছসকলক সমৰ্থন জনাইছিল আৰু ভগত সিঙক দেশদ্ৰোহী সজাইছিল তথা তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি দিবৰ বাবে ব্ৰিটিছক আহ্বান জনাইছিল।”

ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কখনক বালাজীয়ে সাম্প্ৰদায়িক আখ্যা দিয়ে। “বিলখনক ‘সংশোধনী বিধেয়ক’ বুলি ক’ব নালাগে। এইখন প্ৰকৃততেই সাম্প্ৰদায়িক হয় আৰু সাম্প্ৰদায়িক হৈয়ে থাকিব”, মন্তব্য জে এন য়ু ছাত্ৰ নেতাজনৰ। ইয়াৰোপৰি বিধেয়কখনক ‘অপৰাধমূলক’ বুলিও কয় নেতাজনে।

“এই বিলখন ‘অপৰাধমূলক’, কিয়নো ই সমাজৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ লগতে সমগ্ৰ দেশৰ বাবেও ভয়াৱহতা নমাই আনিব” বালাজীয়ে কয়।

ইপিনে, সাম্প্ৰদায়িক বিলখনৰ বিৰোধ কৰাৰ বাবেই ভিন্নজনৰ ওপৰত গোচৰ জাপি দিয়া হ’ল বুলি দাবী কৰি তেওঁ কয়, “অখিল গগৈয়ে হিন্দুত্বৰ বিৰোধ কৰাৰ বাবে তেওঁৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ জাপি দিয়া হ’ল।”

আনহাতে, শাসনাধিষ্ঠিত বিজেপি চৰকাৰে বুদ্ধিজীৱী, সমালোচক আৰু বৰ্তমানৰ সংগ্ৰামী নেতাসকলৰ বাক স্বাধীনতা খৰ্ব কৰিবলৈ আৰম্ভ কৰা বুলি গুৰুতৰ অভিযোগ তোলে।

“যিয়ে মোদী চৰকাৰৰ কাম-কাজৰ বিৰোধিতা কৰি মন্তব্য কৰে, তেওঁলোকৰ ওপৰতে গোচৰ জাপি দিয়ে বিজেপি চৰকাৰে”, বালাজীৰ অভিযোগ।

ইয়াৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়, “কিছুদিন পূৰ্বে পাঞ্জাব বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধি কৰা বাবে প্ৰতিবাদ হৈছিল, এয়া কোনো দেশদ্ৰোহিতা নাছিল। মাচুল বৃদ্ধি কৰাৰ বিৰোধিতা কৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। কিন্তু ৰাতিৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত বিভিন্ন ধাৰাৰে গোচৰ জাপি দিয়া হ’ল।”

তেওঁ আৰ এছ এছকো সমালোচনা কৰে।  আৰ এছ এছে মনা গোলৱালকাৰৰ ‘বানছ অব থটছ’ গ্ৰন্থখনত লিখা আছে যে যিসকলে হিন্দুত্বৰ বিৰোধ কৰে তেওঁলোক দেশদ্ৰোহী। সেই কথা উনুকিয়াই দি তেওঁ লগতে কয়, “কিন্তু হিন্দুত্ববাদ প্ৰকৃততে কি? হিন্দুত্ববাদ হ’ল মুছলমান বিদ্বেষী, সংখ্যালঘু বিদ্বেষী, খ্ৰীষ্টান বিৰোধী আৰু দলিতবিৰোধী।”

তেওঁ মোদীয়ে দেশৰ নৱপ্ৰজন্মক ধ্বংস কৰাৰ ঠিকা লৈছে বুলি দাবী কৰি প্ৰশ্ন তোলে, “কিমানখিনি যুৱক-যুৱতীক চাকৰি দিয়া হ’ল সেই কথা মোদীৰ ফটোৰ সৈতে কোনো বিজ্ঞাপন, বেনাৰ অথবা বাতৰিকাকতৰ পৃষ্ঠাত দেখিবলৈ পাইছে নেকি?”

তেওঁ মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত দেশত শিক্ষাৰ মান কমি আহিছে বুলি দাবী কৰে। “পূৰ্বতে শিক্ষাৰ বাবে বাজেটত নিৰ্ধাৰিত আছিল ৪.৮ শতাংশ। সেয়া অৱনতি ঘটি বৰ্তমান ইয়াৰ পৰিমাণ ৩.৩৭ শতাংশ হ’লগৈ। এয়াই হৈছে মোদী চৰকাৰৰ দিনৰ উন্নয়নৰ প্ৰকৃত প্ৰতিচ্ছবি।”

উল্লেখযোগ্য যে, নাগৰিক সমাজে আয়োজন কৰা যুৱ অভিৱৰ্তনত তেওঁৰ সৈতে গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেছ মেৱানী, কৃষক নেতা অখিল গগৈ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে লেখিকা পাৰভিন চুলতানাও উপস্থিত থাকে।