শিৱসাগৰৰ ৰংপুৰ গাঁও পঞ্চায়তত জব কাৰ্ডৰ নামত চলিছে ব্যাপক দূৰ্নীতি

শিৱসাগৰৰ এখন গাঁও পঞ্চায়তত জব কাৰ্ডৰ নামত চলিছে দূৰ্নীতি। জিলাখনৰ ৰংপুৰ গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ড সদস্যা গৰাকীৰ বিৰুদ্ধে এই অভিযেগ উত্থাপন হৈছে।

এটা ব্যক্তিগত বেংকত চাকৰি কৰা ৱাৰ্ড সদস্যা গৰাকীৰ পুত্ৰ আৰু সুলভ মূল্যৰ দোকান থকা স্বামীৰ নামত আছে জব কাৰ্ড।

ইয়াৰ উপৰি ৱাৰ্ড সদস্যা গৰাকী নিজেও অংগনৱাড়ীৰ ৰান্ধনি। তথাপি স্বামী আৰু পুত্ৰৰ লগতে তেওঁৰ নামতো সোমায় জব কাৰ্ডৰ ধন।

ইফালে লকডাউনৰ সময়ত চৰকাৰে দুখীয়া তথা বিপিএল কাৰ্ড নথকা ব্যক্তিলৈ প্ৰদান কৰা এহেজাৰ টকা ৱাৰ্ডটোৰ ধনী ব্যক্তিক প্ৰদান কৰাৰ অভিযোগ উঠিছে এইগৰাকী ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে।

তিনিমাহ ধৰি কাম কৰি থকা ব্যক্তিক কম ধন মুকলি কৰি দিয়াৰ বিপৰীতে পঞ্চায়ত সদস্যৰ অঙহী বঙহীয়ে লাভ কৰিছে সমুদায় ধন।

চৰকাৰী চাকৰিয়াল আৰু কাম কৰিবলৈ নহা ব্যক্তিৰ  নামতো জব কাৰ্ডৰ টকা সোমাই এইখন পঞ্চায়তত।

ৰাইজৰ অভিযোগ ৰংপুৰ পঞ্চায়তত জব কাৰ্ডত নাম থকা  চল্লিশ শতাংশ ব্যক্তি ভুৱা। এই কথা নাযানে পঞ্চায়তখনৰ গ্ৰাম ৰোজগাৰ সহায়িকা তথা আন বিষয়া কৰ্মচাৰীয়ে।

অৱশ্যে পঞ্চায়তখনৰ গ্ৰাম ৰোজগাৰ সহায়িকাই সাংবাদিকৰ আগত স্বীকাৰ কৰে পঞ্চায়তখনত হৈ থকা গাফিলতিৰ কথা।

সাংবাদিকে পঞ্চায়তখনত হৈ থকা দূৰ্নীতিৰ কথা বিডিঅজনক জনোৱাৰ পাছত বিডিঅ’ সঞ্জীৱ বৰা পঞ্চায়তখনত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু  কালিলৈ ঘটনাৰ অনুসন্ধান কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।