চাকৰি মেলা পাতি নিবনুৱাক অপমান! চৰকাৰৰ সৌজন্যত যুৱক-যুৱতীক এয়া কি উপহাৰ?

Job mela farce

অসম চৰকাৰৰ সৌজন্যত ৰাজ্যখনৰ যুৱক-যুৱতীসকলক সংস্থাপনৰ আশা দি চাকৰি মেলালৈ মাতি আনি একপ্ৰকাৰ অপমান কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগে বৃহস্পতিবাৰৰ পৰা ২৮ ডিচেম্বৰলৈকে জিলা-ভিত্তিত চাকৰি মেলাৰ আয়োজন কৰিছে।

এই চাকৰি মেলাখন ৰাজ্যত এতিয়ালৈকে আটাইতকৈ ডাঙৰ চাকৰি মেলা হোৱাৰ কথা প্ৰচাৰিত হৈছিল যদিও বাস্তৱক্ষেত্ৰত ই যেন এক প্ৰতাৰণাৰ মেলালৈহে পৰিণত হ’ল।

সুপৰিকল্পিত আঁচনি অবিহনে চমক সৃষ্টিৰ প্ৰয়াসে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকল আশাভংগ কৰাই নহয়, লগতে তেওঁলোকৰ স্বাভিমানকো আঘাত কৰিলে।

Also Read: অসমলৈ চৰকাৰী বাছ চলোৱাৰ সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ; ২৬ ডিচেম্বৰত আৰম্ভ হ’ব এই বাছসেৱা

প্ৰথম দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাকৰি মেলাত চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ বায়’ডাটা মেলাত সিঁচৰিত হৈ পৰি ৰোৱাৰ ছবিয়ে সচেতন মহলৰ চকু কপালত তুলিলে। নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পূৰ্বেই এনেদৰে বায়’ডাটাবোৰ পেলাই দিয়াত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মহানগৰীৰ ৰিহাবাৰীৰ জিলা নিযুক্তি কাৰ্যালয়তো আজি চাকৰিমেলা অনুষ্ঠিত হৈছিল। এই মেলাত বহু চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীয়ে ভিৰ কৰিছিল। বৰপেটাতো চাকৰি মেলাত বায়’ডাটা সিঁচৰিত হৈ পৰি ৰোৱাৰ খৱৰ পোৱা গৈছে।  

মেট্ৰিক তথা ইয়াতকৈ অধিক উত্তীৰ্ণ হোৱা সকলো প্ৰাৰ্থী এই চাকৰি মেলাত অংশগ্ৰহণ কৰাৰ বাবে যোগ্য আছিল। চাকৰি প্ৰাৰ্থীসকলক বায়’ডাটাৰ দুটা প্ৰতিলিপি লগত আনিবলৈ কোৱা হৈছিল।

Also Read:ভাল খৱৰ! ISROৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা

কিন্তু বিভিন্ন স্থানত এই চাকৰিমেলাৰ নামত দেখা যোৱা ভেকোভাওনাৰ বাবে অসম চৰকাৰক ছচিয়েল মিডিয়াত নেটিজেনসকলে তীব্ৰ সমালোচনা কৰিছে।

আনহাতে, চৰকাৰে ঢাক ঢোল বজোৱাৰ চেষ্টা কৰিলেও এই চাকৰি মেলাত প্ৰাৰ্থীসকলক আগবঢ়োৱা চাকৰিৰ প্ৰস্তাৱসমূহৰ বেছিভাগেই ব্যক্তিখণ্ডৰ অতি নিম্ন পৰ্যায়ৰ পদৰ আছিল যিবোৰৰ বাবে এনে চাকৰিমেলাৰ প্ৰয়োজনেই নাছিল বুলিও বহুতেই ক্ষোভ উজাৰিছে।