ন যযৌ ন তস্থৌ ভাৰত! ইউক্ৰেইন যুদ্ধত ভাৰতৰ ‘সন্তুলন ৰক্ষা’ৰ কূটনৈতিক স্থিতিক লৈ অসন্তুষ্ট বিডেন?

biden-modi-putin

ভাৰতে ইউক্ৰেইন যুদ্ধত কোনো পক্ষ লোৱা নাই। ইয়াৰ পৰিৱৰ্তে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ মাজত সন্তুলন ৰক্ষা কৰি চলাৰ নীতি লৈছে। তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ভাৰতৰ সৈতে এতিয়াও মত-পাৰ্থক্যৰ সম্পূৰ্ণ অৱসান ঘটা নাই বুলি স্পষ্ট কৰি দিছে

হোৱাইট হাউছত বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলত সাংবাদিকে বিডেনক প্ৰশ্ন কৰিছিল যে প্ৰতিৰক্ষাৰ দিশত আমেৰিকাৰ গুৰুত্বপূৰ্ণ বন্ধুদেশ ভাৰতে ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ত ৱাশ্বিটনৰ স্থিতিক সমৰ্থন কৰিছেনে?

ইয়াৰ উত্তৰত ৰাষ্ট্ৰপতি বিডেনে কৈছিল, ‘আমি ভাৰতৰ সৈতে আজিও আলোচনা চলাই আছো। সেই বিষয়টোৰ সম্পূৰ্ণ সমাধান হোৱা নাই।‘

লগতে পঢ়ক: ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ লৈছে বৈদেশিক মন্ত্ৰ্যালয়ে? চাওক সৱিশেষ

ইপিনে, ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত কূটনৈতিকভাৱে ভাৰত অত্যন্ত চাপত আছে। এইক্ষেত্ৰত ভাৰতৰ অৱস্থা ন যযৌ ন তস্থৌ। অৰ্থাৎ আগবাঢ়িবও নোৱাৰি, পিছুৱাবও নোৱাৰি।

ভাৰতে যদি ৰাছিয়াক স্পষ্টভাৱে সমৰ্থন কৰে তেতিয়া আমেৰিকাকে ধৰি ইয়াৰ সহযোগী দেশসমূহ অসন্তুষ্ট হৈ পৰি পাৰে। ই ভাৰতৰ প্ৰতিৰক্ষা, বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত বৃহৎ ক্ষতি কৰিব।

আনহাতে, আমেৰিকাক সম্পূৰ্ণ সমৰ্থন কৰিলেও ভাৰত ক্ৰেমলিনৰ ৰোষত পৰিব পাৰে। ইতিমধ্যে ভাৰতৰ দুখন চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীন ৰাছিয়াৰ কাষত থিয় দিছে।

এনে পৰিস্থিতিত নতুন দিল্লীয়ে সন্তুলনৰ কূটনীতিক অগ্ৰাধিকাৰ দিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত চীন আৰু পাকিস্তানক প্ৰতিহত কৰাৰ স্বাৰ্থতে আমেৰিকাক অসন্তুষ্ট কৰিব বিচৰা নাই ভাৰতে।

লগতে পঢ়ক: টীম ইণ্ডিয়াৰ বেটিং তাণ্ডৱ! টী-২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক হৰুৱাই অগ্ৰগতি ভাৰতৰ

ইপিনে, ভাৰতে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বিষয়টো কূটনৈতিকভাৱে তথা আলোচনাৰ জৰিয়তে সমাধানৰ দোহাই দি ৰাছিয়াক সমালোচনা কৰাৰ পৰাও বিৰত আছে। ভাৰতৰ এনে স্থিতিক মস্কোই আদৰণিও জনাইছে।  

ৱাশ্বিংটনৰ সূত্ৰসমূহৰ মতে ভাৰতৰ সন্তুলন ৰক্ষাৰ কূটনৈতিক স্থিতিকলৈ কিছু অসন্তুষ্ট জো বিডেন। সেয়ে, বিডেনৰ কণ্ঠত তাৰ অনুৰণনো ফুটি উঠিছে।