• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিলিও নিমিলিল! কি কাৰণে ঘৰ ভাঙিল তাৰকা দম্পতি জো-ছোফিৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 11:38 am
জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

477
VIEWS
Share on FacebookShare on Twitter

চেলিব্ৰিটি দম্পতী জো জ’নাছ আৰু ছোফি টাৰ্নাৰৰ ঘৰ ভাঙিছে। যোৱা মঙলবাৰে জ’ৱে আমেৰিকাৰ মিয়ামিৰ এখন আদালতত ছোফিৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। বিবাহ বিচ্ছেদৰ আবেদনত দাখিল কৰা তথ্য অনুসৰি দুয়োৰে মাজত এতিয়া সম্পৰ্ক জোৰা লগাৰ আৰু কোনো ৰাস্তা নাই।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, জো আৰু ছোফিয়ে উমৈহতীয়াভাৱে তেওঁলোকৰ এই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে ।

ব্ৰিটিছ অভিনেত্ৰী ছোফি টাৰ্নাৰ “গেম অৱ থ্ৰ’নছ”ৰ জৰিয়তে সমগ্ৰ বিশ্বতে বহুলভাৱে পৰিচিত হয়। আনহাতে, জো জ’নাছ এজন সংগীতজ্ঞ আৰু অভিনেতা। তেওঁ প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ ভাতৃ। তেওঁলোকৰ বেণ্ড Jonas Brothers যুৱক-যুৱতীসকলৰ মাজত অতি জনপ্ৰিয়।

জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

২০১৬ চনৰ পৰাই জো আৰু ছোফিয়ে ডেটিং আৰম্ভ কৰিছিল। পিছৰ বছৰৰ অক্টোবৰ মাহত তেওঁলোকৰ এংগেজমেণ্ট হৈছিল। ২০১৯ চনৰ ১ মে’ত লাছ ভেগাছত বিবাহপাশত আবদ্ধ হয় দুয়োগৰাকী তাৰকাই।

বৈবাহিক জীৱনৰ চাৰি বছৰত জো আৰু ছোফিৰ দুগৰাকী কন্যা সন্তান জন্ম হয়।

জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

আমেৰিকাৰ সংবাদ মাধ্যমত জো জ’নাছ আৰু ছোফি টাৰ্নাৰৰ বিচ্ছেদৰ কাৰণ সম্পৰ্কে দীঘলীয়া প্ৰতিবেদন প্ৰকাশ পাইছে। সেই অনুসৰি দুয়োগৰাকী তাৰকা পৃথক হোৱাৰ কাৰণ হ’ল তেওঁলোকৰ মাজত ব্যক্তিত্বৰ পাৰ্থক্য।

তাৰকা দুগৰাকীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, জো আৰু ছোফিৰ ব্যক্তিত্ব সম্পূৰ্ণ বেলেগ। জো অন্তৰ্মুখী, কামৰ বাহিৰে ঘৰতে বাকী সময় কটাবলৈ ভাল পায়। আনহাতে, ছোফি আমোদপ্ৰিয়, সদায় পাৰ্টিত ব্যস্ত থাকে। যোৱা কেইমাহমানৰ পৰা সৰু ছোৱালীজনীক বেছিভাগ জোৱে নিজেই চোৱা-চিতা কৰি আহিছে।

জো জোনাছ আৰু ছোফি টাৰ্নাৰ। ফটো: সংগ্ৰহীত।

জানিব পৰা মতে, কেইবামাহো পূৰ্বেই জো আৰু ছোফিৰ সম্পৰ্কত ফাট মেলিছিল। কিন্তু তেওঁলোকে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাছিল। কিন্তু পিছত যেতিয়া তেওঁলোকে দেখিলে যে সম্পৰ্ক ৰক্ষা কৰাৰ কোনো উপায় নাই, তেতিয়া তেওঁলোকে  চাৰি বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ল’লে।

Recent News

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd