যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিকৃতি দাহ আছুৰ

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি আছুৰ যোৰহাট আঞ্চলিকৰ সদস্যসকলে বিজেপিৰ ৰাজ্যসভাৰ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিকৃতি দাহ কৰে।

কামাখ্যা প্ৰসাদ তাছাই আজি খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত  অনুষ্ঠিত হোৱা বিজেপিৰ সন্মিলনত আছু তথা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কৰা ‘অপমানসূচক মন্তব্য’ক গৰিহণা দিয়ে।

আছুৰ যোৰহাট জিলা সমিতিৰ সহকাৰী সম্পাদক বিজয় শংকৰ বৰদলৈয়ে বিজেপি সাংসদ গৰাকীক পৰিভ্ৰমী চৰাইৰ সৈতে তুলনা কৰি কয় যে সমষ্টি সলাই সলাই নিৰ্বাচন খেলা তাছাই ‘মোদী ধৌ’ত ২০১৪ চনত কিবা কৰি জয়ী হৈছিল।

২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত এগৰাকী ‘অযোগ্য’ প্ৰাৰ্থী হোৱাৰ বাবেই বিজেপি নেতৃত্বই তেওঁক যোৰহাটৰ পৰা থিয় নকৰালে বুলি তেওঁলোকে কয়।

প্ৰতিবাদকাৰী সকলে সাংসদ গৰাকীক ভৱিশ্যতে আছুৰ বিৰুদ্ধে অপমানসূচক মন্তব্য নকৰিবলৈ সকীয়াই দিয়াৰ লগতে ‘কা’ বিৰোধী সংগ্ৰাম আৰু অধিক তীব্ৰতৰ হ’ব বুলি মন্তব্য কৰে।