আজিৰে পৰা ক’ভিড SOP কিছু শিথিল কৰিছে যোৰহাট জিলা প্ৰশাসনে

Coronavirus-1-750x375

যোৰহাটত আজিৰে পৰা ক’ভিড SOP কিছু  শিথিল কৰিছে যোৰহাট জিলা প্ৰশাসনে l

ৰাইজৰ সুবিধাৰ্থে নীতি-নিৰ্দেশনাসমূহত অলপ শিথিলতা অনা হৈছে l

সেই অনুসৰি, আলু আৰু পিঁয়াজৰ পাইকাৰী দোকান সমুহ পুৱা ৫ বজাৰ পৰা ১২ বজালৈ খুলি দিয়া হৈছে |

মেডিকেল উদেশ্যেত থকা ই-কমাৰ্চ খোলা থাকিব l

সুলভ মূল্যৰ দোকান সমূহ দিনৰ ২ বজালৈ খোলা থাকিব l

গ্ৰাম্য অঞ্চলত গেলামালৰ দোকান সমূহ পুৱা ৬ বজাৰ পৰা দিনৰ ২ বজালৈ খোলা থাকিব | নগৰৰ লগতে উপকণ্ঠ অঞ্চলত হোম ডেলিভাৰীৰ ব্যৱস্থা কৰা হৈছে l

শাক পাচলি আৰু ফল মূল হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰা হৈছে l

ৰেলৱে ৰেকৰ মাল বস্তু সমূহ আনলোড কৰিব পাৰিব l

বাকী পূৰ্বৰ সকলো নিষেধাজ্ঞা বলবৎ থাকিব | অৰ্থাৎ ২৪ ঘন্টাই কাৰ্ফিউ বলবৎ থাকিব l

এই কথা বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত অৱগত কৰে যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে l