জৈৱিক সাৰ উৎপাদনৰে অভিলেখ গঢ়াৰ দিশে যোৰহাটৰ গীতাশ্ৰম

ৰাসায়নিক সাৰ প্ৰয়োগৰ বিভীষিকা সন্দৰ্ভত যি সময়ত ব্যাপক চৰ্চা অব্যাহত আছে সেই সময়ত যোৰহাট নগৰৰ পূব প্ৰান্তত অৱস্থিত গীতাশ্ৰমৰ কৰ্তৃপক্ষই জৈৱিক সাৰ প্ৰকল্প স্থাপন কৰি নিতৌ বৃহৎ পৰিমাণৰ জৈৱিক সাৰ উৎপাদন কৰি কৃষক ৰাইজক যোগান ধৰাৰ প্ৰয়াস কৰি আহিছে ।

ৰোগ মুক্ত অসম,প্ৰদূষণ মুক্ত অসম আৰু জৈৱিক অসম গঢ়াৰ লক্ষ্যৰে স্থাপন কৰা গীতাশ্ৰমৰ এই জৈৱিক সাৰ প্ৰকল্পত নিয়োজিত হৈ আছে প্ৰায় অৰ্ধ শতাধিক যুৱক।

উল্লেখযোগ্য যে গীতাশ্ৰমত আজিৰ পৰা ছয়টা বছৰৰ আগৰ পৰাই গৰাকীবিহীন গৰু,অবৈধ গৰু তথা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত গৰুক উন্নত চিকিৎসাৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খাদ্য যোগান ধৰি প্ৰায় সহস্ৰাধিক গৰু প্ৰতিপালন কৰি আহিছে ।

ইয়াৰ পৰা লাভ কৰা গোবৰ,গো মুত্ৰৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰি আশ্ৰম প্ৰাংগণতে জৈৱিক শস্য তথা ঔষধি গছ গছনিৰ উদ্যান গঢ়ি তুলিছে।

অৱশ্যে গোবৰৰ পৰা প্ৰস্তুত কৰা জৈৱিক সাৰৰ প্ৰকল্পৰ প্ৰতি আজিও কিন্তু চৰকাৰৰ দৃষ্টি পৰা নাই ।

এইবাৰ যিহেতু চৰকাৰে গো সুৰক্ষা আইন ঘোষণা কৰিছে সেয়ে গীতাশ্ৰমে নিজা প্ৰচেষ্টাত গঢ়ি তোলা এই জৈৱিক সাৰ প্ৰকল্পৰ প্ৰতি চৰকাৰৰ দৃষ্টি পৰিব বুলি আশা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই ।

লগতে সকলোকে গৰু প্ৰতিপালনে কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে।