ক’ৰ’না প্ৰতিৰোধৰ বাবে টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমী জুনিয়ৰ কলেজৰ আৰ্থিক সাহায্য

Coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫০০০ অতিক্ৰম কৰাৰ সমান্তৰালভাৱে অসমতো এই পৰ্যন্ত ২৮ জন ব্যক্তিৰ দেহত COVID-19 ধৰা পৰাৰ পিছত ৰাইজৰ মাজত আতংকই বিৰাজ কৰা দেখা গৈছে।

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এই দুৰ্যোগৰ সময়ছোৱাত আৰ্থিক সহযোগিতা আগবঢ়াবলৈ দেশৰ নাগৰিকসকলক আহ্বান জনাইছে ৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ বিভিন্ন প্ৰান্তৰ সদাশয় ব্যক্তি তথা অনুষ্ঠানে সাধ্য অনুসৰি আগবঢ়াইছে আৰ্থিক অনুদান।

আজি যোৰহাট জিলাৰ টীয়ক নগৰস্থিত টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমী জুনিয়ৰ কলেজৰ পৰিচালনা সমিতি আৰু সমূহ শিক্ষক-কৰ্মচাৰীৰ হৈ অসম চৰকাৰৰ আৰোগ্য নিধিলৈ মুঠ ৩০,০০০ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।

টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমী জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ সঞ্চালক প্ৰদীপ চুতীয়া আৰু সচিব সৌৰভ বৰাই ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাত গৈ অসম চৰকাৰৰ আৰোগ্য নিধিৰ একাউণ্টত এই ধনৰাশি জমা কৰেl

জ্ঞানপীঠ একাডেমী জুনিয়ৰ কলেজৰ ৰেক্টৰ ড০ অকন চন্দ্ৰ শইকীয়া আৰু শিক্ষানুস্থান দুখনৰ অধ্যক্ষ ঋষেশ্বৰ শৰ্মাই দেশৰ এই জটিল মুহুৰ্তত শিক্ষক -কৰ্মচাৰী সকলৰ সহযোগিতাক ধন্যবাদ জনাইছে l