যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক-নাৰ্ছৰ অৱহেলাত ষ্ট্ৰেটচাৰতে সন্তান জন্ম দিলে প্ৰসূতিয়ে

পূজাৰ আনন্দৰ মাজতে অষ্টমীৰ দিনা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংঘটিত এক ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চিকিৎসালয়খনত এগৰাকী প্ৰসূতীয়ে প্ৰসৱ যন্ত্ৰণাত চটফটাই চিকিৎসালয়খনৰ বাহিৰত ষ্ট্ৰেটচাৰতে সন্তান জন্ম দিয়ে।

জানিব পৰা মতে দেওবাৰে অৰ্থাৎ ৬ অক্টোবৰত দিনৰ ভাগতে প্ৰসূতি গৰাকীক চিকিৎসালয়খনলৈ অনা হয়। কিন্তু প্ৰসৱ যন্ত্ৰণাত চটফটাই থকা মহিলা গৰাকীক চিকিৎসালয়খনৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।

ফলত প্ৰায় আধা ঘণ্টা ধৰি চিকিৎসালয়খনৰ বাহিৰতে প্ৰসূতী গৰাকীয়ে প্ৰসৱ যন্ত্ৰণাত চটফটাই শেষত চিকিৎসালয়ৰ বাহিৰতে এটি শিশু জন্ম দিয়ে।

আনহাতে প্ৰসূতীগৰাকীৰ স্বামীয়ে চিকিৎসালয়খনত উপস্থিত হোৱাৰ পিছতো চিকিৎসকৰ পৰা সঁহাৰি নোপোৱাত এক উত্তপ্ত তথা হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

হুলস্থলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ পিছতে চিকিৎসক তথা চিকিৎসাকৰ্মীসকল প্ৰসূতী গৰাকীৰ কাষ চাপি আহে যদিও মহিলাগৰাকীৰ স্বামীকহে চিকিৎসকে গালি গালাজ পৰা অভিযোগ উত্থাপন হৈছে।

আনকি প্ৰসূতিগৰাকীক সহায় কৰিবলৈ যোৱা নিৰাপত্তাৰক্ষীকো চিকিৎসকে ওলাই আহি গালি গালাজ পাৰি ধমক দিয়ে ‘চৰ দিম’ বুলি।

ইফালে এনেদৰে এখন চিকিৎসালয়ত এগৰাকী প্ৰসূতীয়ে প্ৰসৱ যন্ত্ৰণাত চটফটাই বাহিৰতে সন্তান প্ৰসৱ কৰা ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। আৰু ইয়াৰ পিছতে স্থানীয় লোকে এই ক্ষেত্ৰত দোষী চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে।