NORTHEAST NOW (Assamese)

যোৰহাট আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী; ব্ৰাউন ছুগাৰ জব্দ

December 23, 2019 9:53 am · স্মিতা ভট্টাচাৰ্য
প্ৰতিনিধিত্বমূলক ফটো

অবৈধ ড্ৰাগছজাতীয় সামগ্ৰীৰ চোৰাং বেপাৰৰ সৈতে জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে দেওবাৰে ৩ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই জনোৱা মতে ইয়াৰে দীপেন দাসৰ পৰা আৰক্ষীয়ে ৩৬ গ্ৰাম ওজনৰ ব্ৰাউন ছুগাৰ জব্দ কৰে। তেওঁক ভোগদৈ নৈৰ সমীপৰ হুৱনিগাঁৱৰ নিজা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ আগতেও যোৱা এপ্ৰিলত দীপেন দাসক এটা পিস্তলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

দীপেন দাসৰ পিছতে ড্ৰাগছ সহবৰাহৰ সৈতে জড়িত থকাৰ সন্দেহত যোৰহাট আৰক্ষীয়ে জনাৰ্দন দাস আৰু সুৰজ দাস নামৰ দুজন ব্যক্তিক বৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে দীপেন দাসৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছৰ নমুনা পিছত পৰীক্ষাৰ বাবে গুৱাহাটীৰ ৰাজ্যিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়।

Related News