NORTHEAST NOW (Assamese)

কেঁচা চাহপাতৰ মূল্য নিৰিখৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

June 12, 2021 1:02 pm · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও।

কৰ’নাৰ বিভীষিকাই যোৱা দুটা বছৰে অসমৰ অৰ্থনীতিৰ অন্যতম সহায়ক ক্ষুদ্ৰ চাহ উদ্যোগত বহু প্ৰভাৱ পেলাই আহিছে।

ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেৱল লোকচানৰে সন্মুখীন হ’ব লগা হৈছে যোৱা সময়ছোৱাত।

অৱশ্যে বৰ্তমান অনুকুল বতৰে শেহতীয়াকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আশাৰ ৰেঙনি কঢ়িয়াইছিল কিয়নো তেওঁলোকে কেঁচাপাতৰ মূল্য ৪০ৰ পৰা ৪৫পৰ্যন্ত লাভ কৰিছিল।

কিন্তু হঠাৎ যোৱা জুন মাহৰ ১ তাৰিখৰ পৰা কেঁচাপাতৰ দাম ২৯ টকা পৰ্যন্ত নিন্মগামী হোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষক সমাজত।

উল্লেখযোগ্য যে বিশেষকৈ যোৰহাট জিলাত এই কেঁচাপাতৰ মূল্যৰ ক্ষেত্ৰত স্থানীয়ভাৱে যিবোৰ ফেক্টৰী আছে তাৰ মালিক পক্ষই নিজ ইচ্ছামতে প্ৰতিবছৰে উন্নত মানৰ কেঁচাপাত ওলাওতে এনেদৰে পাতৰ মূল্য হ্ৰাস কৰি আহিছে।

তদুপৰি, এই ফেক্টৰীসমূহে চাহ বৰ্ড অথবা প্ৰশাসন সকলোৰে উৰ্দ্ধত গৈ কেৱল মুনাফাৰ স্বাৰ্থত কৃষকক মাধমাৰ মাৰি আহিছে বুলি অভিযোগ তুলি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট শাখাই ভাৰতীয় চাহ বৰ্ড আৰু যোৰহাট জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Related News