বছৰত ডেৰ ইঞ্চিকৈ তিনিবছৰৰ পৰাই সোমাই গৈ আছিল যোশীমঠ

কিন্তু তাৰ পাছতো কেন্দ্ৰীয় সংস্থা এনটিপিচিৰ টাপোবান জলবিদ্যুৎ প্ৰকল্পৰ বাবে সুৰংগ খন্দাৰ কাম বন্ধ নহ’ল। পাহাৰৰ ভিতৰত ইটোৰ পিছত সিটোকৈ বিস্ফোৰণ কৰি প্ৰাকৃতিক ভাৰসাম্য ধ্বংস কৰাৰ কাম বন্ধ হোৱা নহ’ল।

২০২০ চনৰ পৰা ঢিলা হ’বলৈ আৰম্ভ কৰিছিল যোশীমঠৰ ভূমি। তিনিবছৰ পূৰ্বে কৰা এক সমীক্ষাত এই কথা স্পষ্ট পৰিছে যে গড়োৱাল হিমালয়ৰ যোশীমঠ আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰ বিগত তিনি চাৰি বছৰমানৰ পৰাই তললৈ সোমাই গৈ আছে। প্ৰতিবছৰে গড়ে ডেৰ ইঞ্চিকৈ অৰ্থাৎ ৬ ছেন্টিমিটাৰকৈ ভূগৰ্ভলৈ সোমাই গৈ আছে যোশীমঠ চহৰ।

ডেৰাডুনৰ চৰকাৰী সংস্থা ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰিমট চেন্সিঙৰ এই  প্ৰতিবেদন মঙলবাৰে সৰ্বভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰে। লগতে সংস্থাটোৰ মুৰব্বীসকলে একে সময়তে কেইবাটাও প্ৰশ্নও উত্থাপন কৰে।

বিশেষজ্ঞৰ দলটোৱে দাবী কৰিছে যে সেইদিনা যদি নৰেন্দ্ৰ মোডীৰ চৰকাৰে সমীক্ষাৰ প্ৰাৰম্ভিক ফলাফল দেখিলেহেঁতেন তেন্তে আজিৰ দুৰ্যোগৰ সন্মুখীন নহলহেঁতেন।

উল্লেখ্য যে  ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২২ চনৰ জুলাইলৈকে উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰিমট চেন্সিঙৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সেই সময়ছোৱাত যোশীমঠৰ পাহাৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বহু ফাট দেখা গৈছিল।

কিন্তু তাৰ পাছতো কেন্দ্ৰীয় সংস্থা এনটিপিচিৰ টাপোবান জলবিদ্যুৎ প্ৰকল্পৰ বাবে সুৰংগ খন্দাৰ কাম বন্ধ নহল। পাহাৰৰ ভিতৰত ইটোৰ পিছত সিটোকৈ বিস্ফোৰণ কৰি প্ৰাকৃতিক ভাৰসাম্য ধ্বংস কৰাৰ কাম বন্ধ হোৱা নহ’ল।

অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰীৰ সপোনৰ চৰ্ধাম প্ৰকল্পত পাহাৰ কাটি পথ নিৰ্মাণৰ কামো একে হাৰত চলি আছে। আৰু তাৰ ফলস্বৰূপে আজি দুৰ্যোগৰ সন্মুখত বদ্ৰিধাম প্ৰৱেশ!

ইফালে যোৱা ডিচেম্বৰ মাহত পুষ্কৰ সিং ধামীয়ে যোশীমঠৰ অৱস্থাৰ কথা বিৱৰি কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ লিখিছিল। কিন্তু তেওঁৰ পত্ৰৰ প্ৰত্যুত্তৰত কোনো সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ নকৰিলে দাবী অভিযোগ উত্থাপন কৰিছে পুষ্কৰ সিং ধামীয়ে।