NORTHEAST NOW (Assamese)

অপূৰণীয় ক্ষতি : বৰ্ষীয়ান সাংবাদিক যদু কাকতি আৰু নাই

January 5, 2024 10:34 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক যদু কাকতি আৰু নাই। 

শুকুৰবাৰে পুৱা ১.৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিক গৰাকীয়ে। 

মৃত্যুৰ সময়ত তেওঁৰ  বয়স আছিল ৯২ বছৰ। 

শাৰীৰিক অসুস্থতাৰ বাবে যোৱা ৮ ডিচেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিত্ত্সআধীন হৈ আছিল তেওঁ। 

১৯৬৬ চনত ‘অসম বাতৰি’ৰ জৰিয়তে সাংবাদিকতাৰ জগতখনত খোজ পেলাইছিল প্ৰয়াত সাংবাদিক যদু কাকতিয়ে। 

২০২০ চনৰ গণৰাজ্য দিৱসত অসম চৰকাৰৰ সাংবাদিকতা বঁটা লাভ কৰি সাংবাদিকগৰাকীয়ে। লগতে একেটা বৰ্ষতে কাকতিলৈ আগবঢ়োৱা হৈছিল DY365 সাংবাদিকতা বঁটা।

Related News