সাংবাদিকক মন্ত্রী পীযুষ হাজৰিকাৰ ভাবুকি, জাফাৰ গৰিহণা

Untitled-7-14

প্ৰতিদিন টাইম নামৰ নিউজ চেনেলটোৰ এগৰাকী সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাই ভাবুকি প্ৰদান কৰা বুলি যি এক টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ক্লিপ সম্প্ৰচাৰিত হৈ আছে তাত আৰ্চয্য প্ৰকাশ কৰিছে সাংবাদিক-সংবাদকৰ্মীৰ সংগঠন জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই।

এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়াই কয় যে এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে মন্ত্ৰী হাজৰিকাই এটা বাতৰিক কেন্দ্ৰ কৰি সাংবাদিকগৰাকীক যিদৰে ধমক দি ভাবুকি প্ৰদান কৰিলে সেয়া একেমুখে গৰিহণাৰ যোগ্য।

সাংবাদিক গৰাকীয়ে কাম কৰা চেনেলটোত সম্প্ৰচাৰিত বাতৰিটো যদি ভুল আছিল নতুবা মন্ত্ৰী পত্নীৰ যদি মান হানি কৰিছে তেন্তে সম্প্ৰচাৰিত বাতৰিটোৰ বিৰুদ্ধে মন্ত্ৰীগৰাকীয়ে আইন আদালতৰ আশ্ৰয় লব পাৰিলেহেঁতেন।

কিন্তু তাকে নকৰি সাংবাদিকগৰাকীক ভাবুকি দিয়াটো চৰম নিন্দনীয়।

মন্ত্ৰী পীযুষ হাজৰিকাৰ সাংবাদিকক ভাবুকি প্ৰদান কৰা কাৰ্যই সাংবাদিক সংবাদকৰ্মীৰ নিৰাপত্তাৰ ফোপোঁলা স্বৰূপটোকে আকৌ এবাৰ উদঙাই দিলে বুলি বিবৃতিটোত কোৱা হৈছে।