নুমলীগড়ত দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে সাংবাদিকে

Prag news Journalist died in road accident

অমূল্য দত্ত। উৎস-ইণ্টাৰেনেট

নুমলীগড়ৰ দৈগ্ৰোঙত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত আজি প্ৰাণ হেৰুৱাই প্ৰাগ নিউজৰ স্থানীয় সংবাদ দাতা অমূল্য দত্তই।

ঘটনাৰ বিৱৰণী অনুসৰি আজি দিনৰ ভাগত কামলৈ ওলোৱা দত্তই নিজৰ স্কুটীৰে আহি থকাৰ সময়তে এখন মাটি কঢ়িওৱা ডাম্পাৰে তেওঁৰ গাড়ীখনত তীব্ৰ বেগেৰে খুন্দা মাৰে। ডাম্পাৰৰ খুন্দাত দত্ত আৰু তেওঁ চলাই থকা স্কুটীখন বহ দুৰলৈ ছিটিকি যায়।

পথ দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত অমূল্য দত্ত পথৰ ওপৰত কিছুসময়ৰ বাবে পৰি থাকে। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আনহাতে, উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন আটক কৰে আৰু ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ হাতত ডাম্পাৰখন গটাই দিয়ে।

এনেদৰে ডাম্পাৰৰ খুন্দাত কম বয়সীয়া ব্যাক্তি এজনৰ মৃত্যু হ’বলগীয়া হোৱা ঘটনাই পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজক শোকাকুল কৰি তুলিছে।

উল্লেখযোগ্য যে, দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা অমূ্ল্য দত্ত পেছাত এগৰাকী সাংবাদিক আছিল। তেওঁ প্ৰাগ নিউজৰ নুমলীগড়ৰ স্থানীয় সংবাদ দাতা হিচাপে কাম কৰি আছিল।