এ আই ইউ ডিএফ দলৰ সকলো কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত

এ আই ইউ ডি এফ দলৰ নেতা বদৰুদিন আজমলে ২৬ ডিচেম্বৰত মানকাচৰ হাটশিঙিমাৰীত সাংবাদিকক কৰা অসভ্য আচৰণৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে সাংবাদিক কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে।

আজমলৰ অভব্য আচৰণক গৰিহণা জনাই আজি সংগঠনটোৱে জিলাখনৰ দুধনৈ চহৰত নেতাজনৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে চহৰখনৰ আকাশ-বতাহ কঁপাই তোলে।

‘আজমল মুৰ্দাবাদ, বদৰদ্দিন আজমল হায় হায়, আজমল লেই লেই’ আদি ধ্বনিৰে আজমলে সাংবাদিকক কৰা অপমান কাৰ্যক ধিক্কাৰ দিয়ে সাংবাদিক কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিয়ে।

লগতে আজমলে ৰাজহুৱাভাৱে ক্ষমা নোখোজা পৰ্যন্ত এআইইউডিএফ দলৰ যিকোনো বা-বাতৰি সংগ্ৰহৰ পৰা বিৰত থাকিবলৈ সতীৰ্থ সাংবাদিক সকলক আহ্বান জনাইছে সংগঠনটোৱে।

ইফালে আজমলৰ অমাৰ্জিত ব্যৱহাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কৃষ্ণাই প্ৰেছ ক্লাবেও। আজি এক প্ৰেছ বিবৃতিত কৃষ্ণাই প্ৰেছ ক্লাৱে আজমলে সাংবাদিকক কৰা অপমানক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নেতা জনে ক্ষমা নোখোজালৈকে আজমল নেতৃতাধীন দলটোৰ সকলো কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।