যুৱ সাংবাদিক মিৰাজ ৰায়ৰ অকাল বিয়োগঃ চাপৰ-বহলপুৰত শোক

ধুবুৰী জিলাৰ বহলপুৰৰ যুৱ সমাজকৰ্মী তথা ঈশান নিউজ নামৰ নিউজ প’ৰ্টেলৰ চাপৰ-বহলপুৰৰ স্থানীয় সংবাদদাতা মিৰাজ ৰায়ে(৩০) দীৰ্ঘদিন ধৰি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰাৰ পিচতে সমগ্ৰ চাপৰ আৰু বহলপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ৷ উল্লেখযোগ্য যে কিছুদিন ধৰি তেওঁ যকৃতৰ ৰোগত আক্ৰান্ত হোৱাত হায়দৰাবাদ, গুৱাহাটী, বঙাইগাঁও আদি ঠাইৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হৈছিল যদিও শেষ মুহূৰ্তত তেওঁ মৃত্যুৰ ওচৰত হাৰ মানিবলগীয়া হ’ল ৷

ধুবুৰী জিলাৰ বহলপুৰ বৰপাৰা গাঁৱৰ যোগানন্দ ৰায় আৰু নীলিমা ৰায়ৰ জ্যেষ্ঠ পুত্ৰ তথা যুৱ সাংবাদিক মিৰাজ ৰায়ৰ অসুস্থতাৰ খবৰ পাই ধুবুৰীৰ সাংসদ বদৰ উদ্দিন আজমলে “আজমল ফাউণ্ডেচন’’ৰ জৰিয়তে ৫০ হেজাৰ টকাৰ চিকিৎসা সাহায্য আগবঢ়োৱাৰ লগতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনেও অৰ্থ সাহায্য আগবঢ়াইছিল ৷ বৃহত্তৰ বহলপুৰ অঞ্চলৰ ৰঙালী বিহু সন্মিলন, দুৰ্গাপূজা, কালীপূজা, মহামায়া পূজা , আদিত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি সমাজসেৱা আগবঢ়োৱা যুৱ সাংবাদিক মিৰাজ ৰায়ৰ আজি মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে চাপৰ প্ৰেছ ক্লাৱ, বহলপুৰ শাখা সাহিত্য সভা, চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাৱ, আক্ৰাছুৰ বহলপুৰ আঞ্চলিক সমিতি, চাপৰ শাখা সাহিত্য সভা, ধুবুৰী পূৱ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, বহলপুৰ চিলাৰায় সমাজ কল্যাণ সংঘ, বহলপুৰ আঞ্চলিক ছাত্ৰ সন্থা আদি দল সংগঠনৰ প্ৰতিনিধি মিৰাজ ৰায়ৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনায় ৷

চাপৰৰ চক্ৰ বিষয়া কবিতা ডেকা, ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণীকান্ত ৰায় , মুখপাত্ৰ তিলক চন্দ্ৰ প্ৰসাদ,বহলপুৰৰ ৰত্নপীঠ কলেজৰ অধ্যাপক ড° মানিক সিংহ , সমাজকৰ্মী অৰুণ সিংহ, গংগাধৰ ৰায় , শিক্ষক ছাজিদ হুছেইন, আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক কৰ্ণ ৰায় , আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক পুলকেশ ৰায়চৌধুৰী,অৱসৰপ্ৰাপ্ত কৰ্ণেল সমুদ্ৰগুপ্ত ৰায়চৌধুৰী,অৱসৰপ্ৰাপ্ত শিক্ষক মহানন্দ ৰায়, সমাজকৰ্মী অনিল ৰায় ,যুৱ সমাজকৰ্মী গোবিন্দ ৰায় , সমাজকৰ্মী আশানন্দ ৰায় আদি বিশিষ্ট ব্যক্তিসকল আজি মিৰাজ ৰায়ৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকাকুল পৰিয়ালক সমবেদনা জনায় ৷

ইফালে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মন , পূৱ বিলাসীপাৰাৰ বিধায়ক ছামচুল হুদাই যুৱ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ মিৰাজ ৰায়ৰ অন্তিম সৎকাৰ চম্পাৱতী নৈৰ পাৰৰ পাতালপুৰস্থিত বহলপুৰ ৰাজহুৱা শ্মশানত অজস্ৰ আত্মীয় আৰু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয় ৷