শিৱসাগৰৰ কণমানি পৰশমণিলৈ সহায়ৰ হাত; পঢ়োৱাৰ দায়িত্ব ল’লে সাংবাদিক আৰু আজমল ফাউণ্ডেশ্যনে

ফটো : নৰ্থ-ইষ্ট নাও

হাঁহি বিৰিঙিলে কণমানি পৰশমণিৰ মুখলৈ। এতিয়াৰ পৰা পাচলি বিক্ৰী কৰিবলৈ যাব নালাগে পৰশমণিয়ে। একাংশ হৃদয়বান ব্যক্তি আগবাঢ়ি আহিল পৰশমণিৰ পৰিয়ালৰ কাষলৈ।

কিছুদিন পূৰ্বে নৰ্থ-ইষ্ট নাওত প্ৰকাশ পাইছিল শিৱসাগৰৰ নামতি কুকুৰাচোৱা গাঁৱৰ পৰশমণি দত্ত নামৰ এটি ৮ বছৰীয়া কণমানিৰ কৰুণ কাহিনী।

পিতৃহীনা কণমানিটোৱে কিদৰে শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিব লগীয়া হৈছিল। ৮ বছৰীয়া পৰশমণিৰ জীৱন সংগ্ৰামৰ বিষয়ে জানি সকলোৱে প্ৰশংসা কৰিছিল কণমানিটোক। বহুতে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে দুৰ্ভগীয়া পৰিয়ালটোক।

এতিয়াৰ পৰা পৰশমণিয়ে চাইকেলত পাচলি বিক্ৰী কৰিবলৈ নাযায়। যাব বিদ্যালয়লৈ। আজিৰ পৰা পৰশমণিয়ে এক নতুন জীৱন আৰম্ভ কৰিছে। য’ত থাকিব কনমাণিটোৱে পুহি ৰখা অলেখ সপোন।

শিৱসাগৰৰ এন ই জি নিউজ পৰ্টেলৰ সাংবাদিক জিতুল খান, ৱাচিম ৰহমান আৰু প্ৰণামী দত্তই পৰশমণিৰ দশম শ্ৰেণীলৈকে পঢ়াৰ সমস্ত দায়িত্ব লৈছে।

পৰশমণিক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত কোনো সকলো প্ৰচেষ্টা কৰিব বুলি জানিবলৈ দিয়ে এন ই জিৰ সাংবাদিক কেইগৰাকীয়ে।

আনহাতে দেওবাৰে অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ হৈ কংগ্ৰেছ দলৰ প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত আৰু এন এচ ইউ আইৰ তৰফৰ পৰা পৰশমণিক শিক্ষাৰ সামগ্ৰীৰ এটা টোপোলা দিয়াৰ লগতে পৰশমণিৰ মাতৃক আৰ্থিক সাহায্য প্ৰদান কৰে।

ইয়াৰ উপৰি ভৱিষ্যতে পৰিয়ালটোক সহায় কৰি যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আনহাতে, সংবাদ মাধ্যম যোগে শিশুটিৰ এই কৰুন গাঁথা জানিব পাৰি আজি আজমল ফাউণ্ডেশ্যনৰ এটা সজাঁতি দল শিশুটিৰ ঘৰত উপস্থিত হৈ শিশুটিৰ মাতৃক ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়াৰ লগতে শিশুটিৰ উচ্চ শিক্ষাৰ যাৱতীয় দায়িত্ব গ্ৰহণ কৰে৷

লগতে শিশুটিক এখন চাইকেল আৰু মাতৃ-পুত্ৰক কাপোৰ-কানি প্ৰদান কৰে৷

ভৱিষ্যতে, সেনা হোৱাৰ সপোন দেখা পৰশমণিয়ে লকডাউন খুলিলে স্কুল যাব বুলি মন্তব্য কৰিছে সাংবাদিকৰ আগত।

আপুনিও যদি এক কণমানিটোক সহায় কৰিব বিচাৰে পৰশমণিৰ মাতৃ ৰূপাঞ্জলি দত্তৰ য়ু বি আইৰ নামতি শাখাৰ 0730010116954 (IFSC UTBI0NAMG23) নম্বৰত আৰ্থিক সহায় আগবঢ়াব পাৰে।

পৰিয়ালটোৰ লগত যোগাযোগ কৰিবলৈ পৰশমণিৰ মাতৃৰ মোবাইল নম্বৰ ৯৩৬৫৪১৫৯৪১ ত যোগাযোগ কৰিব পাৰে।