পঞ্চ চহিদৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি শিৱসাগৰত অনশনত বহিল সাংবাদিক

Screenshot_20200103-020204_WhatsApp

শিৱসাগৰত অনশনত সাংবাদিক যদুমনি বড়া। ফটো: নৰ্থইষ্ট নাও

কা’ বিৰোধী আন্দোলনত আৰক্ষীয়ে গুলিয়াই হত্যা কৰা পাঁচজন যুৱকৰ হত্যাকাণ্ডক মুখ্য মন্ত্ৰীয়ে আজি পৰ্যন্ত্য  ন্যায়িক তদন্ত ঘোষণা নকৰাত বৃহস্পতিবাৰে শিৱসাগৰৰ সাংবাদিক যদুমণি বড়াই এদিনীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ সাংবাদিকগৰাকীয়ে এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

অনশন কাৰ্যসূচীৰ জড়িয়তে সাংবাদিক যদুমণি বড়াই পাঁচ জন যুৱকক নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ অতি শীঘ্ৰে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে।

অনশনস্থলীৰ পৰা সাংবাদিক যদুমণি বড়াই কয়,‘’কা’ বিৰোধী আন্দোলনত মুখ্য মন্ত্ৰীৰ গৃহ বিভাগৰ দ্বাৰা পাঁচজনকৈ যুৱকক হত্যা কৰা হ’ল কিন্তু মুখ্য মন্ত্ৰী গৰাকীয়ে আজিকোপতি ঘটনাৰ এটা ন্যায়িক তদন্ত দিয়াৰ সাহস গোটাব নোৱাৰিলে।‘’

তেওঁ কয়, ‘’বৃটিছ শাসনকালত এনেকুৱা হৈছিল, মানুহ মাৰিছিল আৰু বৃটিছ চৰকাৰে কোনো তদন্ত ঘোষণা কৰা নাছিল। সেই একে সংস্কৃতি, একে দিন ঘূৰাই আনিব বিচাৰিছে নেকি পুনৰ অসমত। সেইবাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছো এই পাঁচ জন যুৱকৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত ঘোষণা কৰক। অন্যথা মুখ্য মন্ত্ৰী ডাঙৰীয়াৰ ঘৰৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী লবলৈ বাধ্য হম।‘’