ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

মানৱ অধিকাৰ ৰক্ষাৰ্থে আপোচবিহীন সংগ্ৰাম অব্যাহত ৰাখি ১৯৯৬ চনৰ আজিৰ দিনটোতে প্ৰতি বিপ্লৱী ঘাতকৰ হাতত প্ৰাণ হেৰুৱাব লগা হোৱা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ কৰি মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)য়ে প্ৰতি বছৰৰ দৰে আজিও দিনযোৰা কাৰ্য্যসূচীৰে চান্দমাৰীৰ ৰাজগড়ত উদযাপন কৰে শ্বহীদ দিৱস আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷
কাৰ্য্যসূচী অনুসৰি আজি পুৱা ৭.৪৫ বজাত গুৱাহাটী জ্যোতিনগৰস্থিত মাছ’ৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত মাছৰ পতাকা উত্তোলন কৰে অধ্যক্ষ আদিত্য লহকৰে ৷

জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ পৰিয়ালৰ সদস্য সকলে শুভাৰম্ভ কৰা শ্বহীদ তৰ্পণ অনুষ্ঠানত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে মাছৰ কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াই ৷

পৰৱৰ্তী সময়ত চান্দমাৰীৰ ৰাজগড় ৰোডস্থিত পৰাগ কুমাৰ দাসৰ স্মৃতিসৌধত দাসৰ পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে পৰাগ স্মৰণ সভাখনি অনুষ্ঠিত হয় ৷

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা আৰু মাছৰ অধ্যক্ষ আদিত্য লহকৰে সঞ্চালনা কৰা স্মৃতিচাৰণ সভাখন উদ্বোধন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে ৷

উক্ত সভাত শ্বহীদ পৰাগ কুমাৰ দাসৰ গুণমুগ্ধ তথা মাছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অজিত ভূঞা, বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা ,বিশিষ্ট সাংবাদিক ,সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ,জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, মনোজ নাথ, মনোৰম গগৈ, সংযুক্ত মুক্তি বাহিনীৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া,জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সম্পাদক ৰাজ কুমাৰ বৈশ্য,সংগ্ৰামী ঐক্য মঞ্চৰ সম্পাদক জ্যোতিময় ভৰালী,মাছৰ প্ৰাক্তন সচিব প্ৰধান প্ৰণৱজ্যোতি চেতিয়া,চি পি আইৰ সম্পাদক জয়ন্ত গগৈৰ লগতে শ্বহীদ পৰাগ কুমাৰ দাসৰ পত্নী পূৰৱী দাস,কন্যা প্ৰেৰণা দাস,জ্যেষ্ঠ ভগ্নী জয়শ্ৰী বৰা আৰু ভাতৃ ডা°জ্যোতি দাস উপস্থিত থাকি বীৰ শ্বহীদ গৰাকীৰ জীৱন আদৰ্শৰ বিষয়ে ভাষণ প্ৰদান কৰে ৷