ৰাজপথতে পত্নীসহ সাংবাদিকক মৰিয়াই হত্যা, তীব্ৰ চাঞ্চল্য

a natio0

দেশত এতিয়া সাংবাদিকৰ জীৱনৰ কোনো মূল্য নোহোৱা হৈ পৰিছে।

অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত সাংবাদিক হত্যা তথা সাংবাদিকৰ ওপৰত হোৱা প্ৰাণঘাতী আক্ৰমণৰ ঘটনা সমূহে এতিয়া বহুতকে ভবাই তুলিছে।

এনে সময়তে এগৰাকী নিৰ্ভীক সাংবাদিকক ৰাজপথৰ ওপৰতে পত্নীৰ সন্মুখতে মৰিয়াই হত্যা কৰা হ’ল। কেৱল সেয়াই নহয়, দুৰ্বৃত্তক বাধা প্ৰদান কৰোতে সাংবাদিক গৰাকীৰ পত্নীকো দুৰ্বৃত্তৰ দলটোৱে বেয়াকৈ প্ৰহাৰ কৰে।

ফলত সাংবাদিক জনৰ পত্নীৰো মৃত্যু ঘটে। এই নাৰকীয় ঘটনা সংঘটিত হৈছে যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত।উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাত ৰাজ্য খনৰ এখন জনপ্ৰিয় হিন্দী দৈনিক কাকতৰ সাংবাদিক উদয় পাছোৱানে তেওঁৰ পত্নীৰ সৈতে ৰাজপথেৰে গৈ থকা অৱস্থাতে ৬ জনীয়া দুৰ্বৃত্তৰ দল এটাই প্ৰথমে সাংবাদিক উদয় আৰু পিছত তেওঁৰ পত্নী শীতলাক আক্ৰমণ কৰে।

আক্ৰমণৰ ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা উদয় পাছোৱানৰ থিতাতে মৃত্যু ঘটে।

আনহাতে এই ঘটনাত গুৰুতৰ ভাবে আহত হোৱা সাংবাদিক উদয় পাছোৱানৰ পত্নী শীতলাক বাৰানসীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু ঘটে।

মঙলবাৰে বিয়লি সংঘটিত এই ঘটনাই এতিয়া সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে সোণভদ্ৰাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকীসকল এতিয়াও পলাতক হৈয়ে আছে।

আক্ৰমণকাৰীসকলৰ ভিতৰত এগৰাকী গাঁৱৰ মুখীয়ালো থকা বুলি জানিব পৰা গৈছে।মুখীয়াল জনৰ সৈতে থকা শত্ৰুতাৰ বাবেই এই আক্ৰমণৰ ঘটনা ঘটা বুলি ধাৰণা কৰা হৈছে।