পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হৈছে এইখন অসমৰে এখন আৰক্ষী চকী! : কোন আৰক্ষী চকী আৰু কিয়?

Sivasagar

এখন আৰক্ষী চকীলৈ অপৰাধীৰ পৰিৱৰ্তে আগমণ ঘটিছে পৰ্যটকৰ। যেন আৰক্ষী চকীখনৰ উত্তৰণ ঘটিছে এক চেল্ফি পইন্টলৈ। পিছে কিয় হৈছে?

আৰক্ষী চকীখন শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জয়সাগৰ আৰক্ষী চকী।

সতী জয়মতীৰ স্মৃতি জড়িত জয়সাগৰ পুখুৰী পাৰত অৱস্থিত এই আৰক্ষী চকীৰ চৌহদত এতিয়া ফুলিছে হালধীয়া বেলি ফুল। চকীখনৰ আইচি জ্যোতিষ ফুকন আৰু আন আন আৰক্ষী বিষয়াৰ নেতৃত্বত জয়সাগৰ আৰক্ষী চকীৰ পিছফালে কেইবা বিঘা মাটিত বেলি ফুলৰ বাগিচাৰ লগতে লগতে কবি, কছু, গোমধান, ৰঙালাও, জাতিলাও, দাংবদি, ফেচবিন আদিৰ খেতি কৰি সূচনা কৰিছে সেউজ বিপ্লৱৰ।

বহাগৰ বতৰত সূৰুজমুখীৰ বাগিচাত এতিয়া ভিৰ কৰিছেহি বহু লোকে। পুৱাৰে পৰা সন্ধিয়ালৈকে শ শ লোক আহি হালধীয়া বেলি ফুলৰ মাজত এইদৰে তুলিছে চেল্ফি। তাৰ মাজতে বেলি ফুলৰ মৌ চুহিবলৈ আহিছে অসংখ্য ভোমোৰা পখিলা মৌ।

এই বেলি ফুলৰ বাগিছাৰ কাষতে এজোপা গছৰ ওপৰত স্থাপন কৰা হৈছে এটা চাংঘৰ। নাম টাৰজান ঘৰ। এইদৰে চাংঘৰৰ ওপৰত উঠি হালধীয়া বেলি ফুলৰ বাগিছাৰ নান্দনিক দৃশ্য উপভোগ কৰিব পাৰে পৰ্যটকে।

২৪ ঘন্টাই ৰাইজৰ নিৰাপত্তাত জড়িত অসম আৰক্ষীক বিভিন্ন সময়ত সমালোচনা কৰা দেখা যায়। কিন্তু জয়সাগৰ আৰক্ষী চকীৰ আইচি জ্যোতিষ ফুকনৰ এই কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। সকলোৱে আশা কৰিছে অসমৰ প্ৰতিখন আৰক্ষী থানাৰ বাবে আদৰ্শ হৈ পৰক জয়সাগৰ আৰক্ষী চকী।