নাগৰিকত্ব বিধেয়ক : শীতকালীন অধিৱেশনতে চূড়ান্ত প্ৰতিবেদন দিবলৈ জেপিচিৰ ওপৰত ৰাজনৈতিক হেঁচা

অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালৰ স্থিতিক লৈ সন্দেহ প্ৰকাশ; খৰখেদাকৈ প্ৰতিবেদন দাখিলৰ চেষ্টাক সমালোচনা সদস্যসকলৰ; অসমলৈ পুনৰ শুনানি ল'বলৈ অহাৰ দাবী

People holding placards outside of Assam Administrative College during public hearing meeting on Citizenship (Amendment) Bill, 2016 at Assam Administrative College in Guwahati UB Photos

গুৱাহাটীৰ এটা দৃশ্য।

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতি বা জেপিচিৰ ২৩ অক্টোবৰৰ বৈঠকৰ পৰা ভালেমান কথা অনুমেয় হৈ উঠিছে। কমিটীৰ কাম-কাজত যে তীব্ৰ ৰাজনৈতিক হেঁচা পৰিছে সেয়া কালিৰ বৈঠকত স্পষ্ট হৈ পৰে।

এইটো প্ৰায় স্পষ্ট হৈ পৰিছে যে আগন্তুক শীতকালীন অধিৱেশনতে জেপিচিয়ে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব পাৰে। ফলত অসমলৈ শুনানি ল’বলৈ পুনৰ অহাৰ যি প্ৰতিশ্ৰুতি কমিটীয়ে দি গৈছিল অসমৰ ৰাইজক, সেই প্ৰতিশ্ৰুতি অসাৰ হোৱাৰ পথত। অন্যাৰ্থত, বিষয়টোত অসমৰ মানুহৰ সম্পূৰ্ণকৈ মত নোলোৱাকৈয়ে প্ৰতিবেদন দাখিল কৰা হ’ব পাৰে।

আনহাতে, বহু দলীয় সদস্যৰে গঠিত কমিটীৰ বৈঠকত দেখা গ’ল সদস্যসকলৰ মাজতে মতবিৰোধ। আনকি অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালৰ বিৰুদ্ধে খৰখেদাকৈ প্ৰতিবেদন দাখিল কৰি চৰকাৰক সহায় কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ তুলিছে খোদ কমিটীখনৰে সদস্যই।

মন কৰিব লগীয়া যে অধ্যক্ষ অগ্ৰৱাল আৰু বিজেপিৰ সাংসদসকলে আগন্তুক শীতকালীন অধিৱেশনতেই ইয়াৰ প্ৰতিবেদন দাখিল কৰাটো বিচাৰিছে।

বৈঠকৰ সময়ত অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে বিষয়টোৰ জটিলতাৰ দোহাই দি প্ৰতিবেদন দাখিল নকৰি বিষয়টো ইমানতে সামৰণি মৰা উচিত বুলি আজৱ মন্তব্য কৰে। কিন্তু অধ্যক্ষৰ এনে স্থিতিৰ বিৰোধিতা কৰে কমিটীৰ আন আন সদস্যসকলে। ইয়াৰ ফলত হুলস্থূলীয়া পৰিৱেশৰো সৃষ্টি হয়। সদস্যসকলে যুক্তি দৰ্শায় যে প্ৰতিবেদন দাখিল নকৰি হাত দাঙি দিয়া মানে চৰকাৰে অধ্যাদেশ জাৰি কৰি বিধেয়কখন গৃহীত কৰাৰ বাট মুকলি কৰা। গতিকে প্ৰতিবেদন দাখিল কৰিবই লাগিব।

উল্লেখযোগ্য যে অহা ডিচেম্বৰত হ’ব লগীয়া শীতকালীন অধিৱেশনেই আপাততঃ এইখন চৰকাৰৰ শেষ অধিৱেশন হ’ব। গতিকে বিধেয়কখন গ্ৰহণ কৰাৰ এয়াই শেষ সুযোগ হ’ব পাৰে চৰকাৰৰ বাবে। ইফালে বহু দলীয় সাংসদেৰে গঠিত জেপিচিৰো বৈধতা প্ৰকৃততে এই চৰকাৰ থকালৈকেহে আছে।

কিন্তু শাসক দলৰ বাদে আন সদস্যসকলে আঙুলিয়াই দিয়ে যে এনে কৰিলে অসম্পূৰ্ণ প্ৰতিবেদন দিয়া হ’ব, কাৰণ এতিয়াও ইয়াৰ বিভিন্ন দিশ চালি-জাৰি চোৱাৰ দৰকাৰ আছে আৰু স্বাৰ্থজড়িত বহুতো অংশ, দল-সংগঠনৰ মত ল’বলৈ বাকী আছে।

জেপিচিয়ে খৰখেদাকৈ ইয়াৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ ওলোৱা কাৰ্য্যৰ বিৰোধিতা কৰিছে কংগ্ৰেছ, বাওঁ দলসমূহ, তৃণমূল কংগ্ৰেছ, বিজু জনতা দল আৰু জনতা দল (য়ু)ৰ সদস্যসকলে।

অৱশ্যে অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে কয় যে এই সন্দৰ্ভত কমিটীৰ সদস্যসকলে সোনকালেই এটা সিদ্ধান্তত উপনীত হ’ব।

কমিটীখনৰ এজন সদস্য আৰু চি পি এমৰ সাংসদে সংবাদ মাধ্যমৰ আগত কয় যে জেপিচিক চৰকাৰে হেঁচা দি সোনকালে প্ৰতিবেদন দিয়াব খুজিছে, যাতে বিধেয়কখন তেওঁলোকৰ ইচ্ছামতেই আনিব পাৰে। তেওঁ জেপিচিয়ে প্ৰতিশ্ৰুতি দিয়ামতে, অসম তথা অন্যান্য ঠাইবোৰলৈ শুনানি ল’বলৈ যাব লাগে বুলিও দাবী কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কমিটীয়ে ইতিপূৰ্বে ৬বাৰকৈ ইয়াৰ প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধি কৰি লৈছে লোকসভাৰ অধ্যক্ষাৰ পৰা।

আনহাতে, কংগ্ৰেছৰ অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতাই বিধেয়কখনক লৈ যিহেতু অসম আৰু উত্তৰ-পূবত প্ৰৱল প্ৰতিবাদ হৈছে, গতিকে অসম আৰু উত্তৰ-পূবক ইয়াৰ পৰিসৰৰ পৰা বাদ দিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে কালি, অৰ্থাৎ ২৩ অক্টোবৰত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাৰ প্ৰতিবাদ স্বৰূপে ৪৬ সংগঠনে দিয়া বন্ধত সমগ্ৰ অসম স্তব্ধ হৈ পৰে। আনহাতে ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মিত্ৰ দল অগপয়ো বিধেয়কখনৰ বিৰোধিতাৰে বিশাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।