২৩ অক্টোবৰত জে পি চিৰ বৈঠক : সংসদৰ শীতকালীন অধিৱেশনতে উত্থাপন কৰিব নাগৰিকত্ব বিধেয়ক

jpc

জে পি চিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল। ফাইল ফটো

কেন্দ্ৰীয় চৰকাৰে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনতে নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপনৰ বাবে তৎপৰ হৈ পৰিছে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দিহা থকা এই বিধেয়কখন গৃহীত কৰাৰ বাবে সৰ্বাত্মক চেষ্টা অব্যাহত ৰাখিছে বিজেপিৰ নেতাসকলে।

এই প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে অহা ২৩ অক্টোবৰত বিধেয়কখন সন্দৰ্ভত পৰ্যালোচনাৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটীয়ে এখন বিশেষ বৈঠকৰ আয়োজন কৰিছে। জানিব পৰা মতে, যুটীয়া সংসদীয় কমিটীৰ সকলো সদস্যৰ উপৰি বৈদেশিক মন্ত্ৰ্যালয়,আইন মন্ত্ৰ্যালয়ৰ লগতে কেইবাজনো সাংবিধানিক বিশেষজ্ঞক এই বৈঠকলৈ নিমন্ত্ৰণ জনোৱা হৈছে। বৈঠকত বিধেয়কখন সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ পৰা মতামত লোৱা হ’ব।

এক সূত্ৰই জানিব দিয়া মতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটীক শীঘ্ৰেই প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিছে। ইপিনে, যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে প্ৰতিবেদন দাখিলৰ বাবে সকলোধৰণৰ তৎপৰতা আৰম্ভ কৰি দিছে।

জে পি চিৰ অধ্যক্ষ আগৰৱালে অলপতে বিধেয়কখন সন্দৰ্ভত বহুখিনি কথা আলোচনা কৰিবলগীয়া থকাৰ কথা প্ৰকাশ কৰি চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে আইনী তথা সাংবিধানিক বিশেষজ্ঞৰ পৰামৰ্শ লোৱা হ’ব বুলি জানিব দিছিল। তেওঁ লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত চলি থকা এন আৰ চি উন্নীতকৰণৰ কাম সমাপ্ত হোৱালৈ অপেক্ষা কৰি থকাৰ কথাও কৈছিল।

অধ্যক্ষ আগৰৱালে অৱশ্যে সংসদৰ যোৱা অধিৱেশনত পৰৱৰ্তী শীতকালীন অধিৱেশনৰ শেষ সপ্তাহৰ প্ৰথম দিনটোত প্ৰতিবেদন দাখিল কৰিব বুলি উল্লেখ কৰি কমিটীৰ ম্যাদ বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল। তেওঁৰ অনুৰোধত লোক সভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে প্ৰতিবেদন দাখিলৰ সময়সীমা বৃদ্ধি কৰিছিল।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত অসমৰ জাতীয় দল সংগঠনসমূহে তেওঁলোকৰ তীব্ৰ বিৰোধিতা অব্যাহত ৰাখিছে। এতিয়া যুটীয়া সংসদীয় কমিটীৰ অহা ২৩ অক্টোবৰৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতেই বিধেয়কখন সন্দৰ্ভত বিভিন্ন পক্ষৰ স্থিতি পুনৰ পোহৰলৈ আহিব।