• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়াৰ আন্দোলনক উপেক্ষা : ‘জাতিধ্বংসী’ বিধেয়কৰ পক্ষতে প্ৰতিবেদন দাখিল কৰিব জেপিচিয়ে!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 31, 2018 8:32 pm
qvviuawqad-1531139805

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদ। ফাইল ফটো

616
VIEWS
Share on FacebookShare on Twitter

‘জাতিধ্বংসী’ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত অসমত চলা তীব্ৰ আন্দোলনক সম্পূৰ্ণৰূপে উপেক্ষা কৰি বিধেয়কখনৰ সপক্ষতে যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পথ এক প্ৰকাৰ প্ৰশস্ত হৈছে।

আজি নতুন দিল্লীত অনুষ্ঠিত যুটীয়া সংদীয় সমিতিৰ বৈঠকত বিৰোধী দলৰ সদস্য সকলে অনা বিধেয়কখনৰ সংশোধনীৰ আটাইকেইটা প্ৰস্তাৱেই নাকচ হয়। ইয়াৰ লগে লগে শাসকীয় বিজেপিয়ে বিচৰাধৰণেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত এখোজ আগুৱাই গ’ল।

এই সন্দৰ্ভত জেপিচিৰ অসমৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই কয়, ‘’আমি বিৰোধী দলৰ সদস্য সকলে বিধেয়কখন সন্দৰ্ভত প্ৰায় ১৫ টা সংশোধনী প্ৰস্তাৱ আনিছিলো। আজিৰ বৈঠকত এই প্ৰস্তাৱ সমুহ ভোটৰ দ্বাৰা গৃহীত কৰাৰ সিদ্ধান্ত হয়। যিহেতু যুটীয়া সংসদীয় সমিতিত শাসকদলৰ সদস্যৰ সংখ্যাই সৰ্বাধিক গতিকে আমি অনা প্ৰস্তাৱ সমুহ অগ্ৰাহ্য হয়।‘’

তেওঁ লগতে অহা ৩ জানুৱাৰিত খচৰা বিধেয়কখন সন্দৰ্ভত আলোচনাও হ’ব বুলি জানিবলৈ দিয়ে।

ইপিনে, অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পাছতো বিজেপি চৰকাৰে চলে বলে কৌশলে বিধেয়কখন গৃহীত কৰিব বিচৰা কাৰ্যত জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, ‘’এয়া এক ষড়যন্ত্ৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ ৰাইজে সৰ্বাত্মক প্ৰতিবাদ কৰি আছে। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজৰ মতামতক সম্পূৰ্ণৰূপে উপেক্ষা কৰি বিধেয়কখন গৃহীত কৰাৰ বাবে উঠি পৰি লাগিছে।‘’

তেওঁ লগতে বিধেয়কখনৰ বিৰুদ্ধে সংগ্ৰাম তীব্ৰতৰ কৰাৰ কথা কৈ এই বিধেয়ক বাতিল নকৰা পৰ্যন্ত আন্দোলন চলাই নিব বুলিও জানিবলৈ দিয়ে। ইয়াৰ উপৰিও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো মৌনতা ভংগ কৰি জাতিৰ স্বাৰ্থত নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায়।

একেদৰে বিধেয়কখনৰ বিৰুদ্ধে গৰজি উঠে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়েও। তেওঁ ‘’কোনো কাৰণত এই বিধেয়কক সহ্য কৰা নহ’ব’’ বুলি সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে।

কাইলৈৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিব বুলিও অখিল গগৈয়ে জানিবলৈ দিয়ে।

ইপিনে, আজি সংশোধনী প্ৰস্তাৱ সমুহ নাকচ হোৱা বিষয়টো দুৰ্ভাগ্যজনক আখ্যা দিয়ে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

‘’বিজেপিয়ে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰাৰ চেষ্টা কৰি আহিছে। আমি সকলো থলুৱা জাতীয়-জনগোষ্ঠীয় দল সংগঠনক অসমৰ বৃহত্তৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আহ্বান জনাইছো’’,- দেৱব্ৰত শইকীয়াই কয়।

Recent News

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd