NORTHEAST NOW (Assamese)

ন্যায়পালিকা বিৰোধীৰ হাতৰ পুতলা নহয় : ৰাহুল গান্ধীলৈ বাক্যবাণ ডি ৱাই চন্দ্ৰচূড়ৰ

November 26, 2024 9:15 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 26, 2024 8:16 pm

অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে পুনৰ দেশৰ ন্যায়িক ব্যৱস্থাক লৈ বক্তব্য প্ৰকাশ কৰিছে।

শেহতীয়াকৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে বিৰোধীয়ে ন্যায়পালিকাৰ দায়িত্ব গ্ৰহণ কৰিছে।  গান্ধীৰ এই মন্তব্যৰ উত্তৰ দি চন্দচূড়ে স্পষ্ট কৰি দিলে যে ভাৰতীয় ন্যায়িক ব্যৱস্থা কি।

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত চন্দ্ৰচুড়ে কয় যে আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাৰ মূল কাম হৈছে আইনৰ সকলো সবিশেষ পৰীক্ষা কৰা। কিন্তু সদায় এটা কথা মনত ৰখা উচিত যে সংসদ বা ৰাজ্যিক বিধানসভাত ন্যায়পালিকাই কেতিয়াও বিৰোধীৰ ভূমিকা পালন নকৰে।

তেওঁ সোঁৱৰাই দিয়ে, গণতন্ত্ৰত বিৰোধিতাৰ বাবে সদায় সুকীয়া স্থান থাকে। প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, কিন্তু মনত ৰাখিব লাগিব, কেতিয়াও ধৰি লোৱা উচিত নহয় যে ন্যায়পালিকে বিৰোধী বা নিৰাপত্তাৰক্ষীৰ ভূমিকা পালন কৰে।’

অৱশ্যে চন্দ্ৰচুড়ে কয় যে আইন কোনো প্ৰকাৰে হাতত লব নালাগে। আমাৰ কাম হল ন্যায়পালিকাৰ সৈতে আইন আৰু সংবিধানৰ সম্পৰ্ক পৰীক্ষা কৰা।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল, ‘আমি বিৰোধী দল। আমি সংবাদ মাধ্যম, ন্যায়পালিকা আৰু তদন্তকাৰী সংস্থা হিচাপে একেলগে কাম কৰি আমাৰ বাৰ্তা ৰাইজৰ মাজলৈ লৈ যাব লাগিব। এই পৰিপ্ৰেক্ষিতত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Related News