জুলিয়েন কোঁৱৰৰ শতকেৰে বাংলাদেশৰ ১৫ বছৰ অনুৰ্ধৰ স্ক’ৰ অতিক্ৰম অসমৰ অনুৰ্ধ ১৬ দলৰ

জুলিয়েন কোঁৱৰ। ফাইল ফটোঃ সংগ্ৰহীত।

অসমৰ ১৬ বছৰ অনুৰ্ধৰ অ’পেনাৰ জুলিয়েন কোঁৱৰে সোমবাৰে ৰাজশ্বাহীত বাংলাদেশৰ ১৫ বছৰ অনুৰ্ধৰ বিৰুদ্ধে শতক (১২২) অৰ্জন কৰি চলি থকা তিনিদিনীয়া খেলখনত অসমক প্ৰথম ইনিংছত অগ্ৰগতি প্ৰদান কৰে। বাংলাদেশৰ ৰাজশ্বাহীৰ শ্বহীদ কামৰুজ্জামান ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন।

বাংলাদেশৰ ১৫ বছৰ অনুৰ্ধৰ দলটোৱে ২৭২ ৰান সংগ্ৰহৰ বিপৰীতে অসমৰ ১৬ বছৰ অনুৰ্ধৰ দলটোৱে প্ৰথম ইনিংছত ৬৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মুঠ ২৮৪ ৰান সংগ্ৰহ কৰে।

জুলিয়েনৰ ২২টা বাউণ্ডেৰী আৰু এটা ছয়ৰে সজোৱা ১২১টা বলত ১২২ ৰানৰ দৰ্শনীয় ইনিংছ অসমৰ প্ৰথম ইনিংছত অগ্ৰগতি লাভৰ দিশত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। দ্বিতীয় দিনৰ খেলৰ শেষত আয়োজক দলটোৱে ১১ অভাৰত ২৫/১ ৰানত বেটিং কৰিছিল।

লগতে পঢ়কঃ নাগালেণ্ডত “অপাৰেচন ক্লাউডবাৰ্ষ্ট”ত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিলে নিৰাপত্তা বাহিনীয়ে

ইয়াৰ পূৰ্বে আয়োজক দলটোৱে প্ৰথম ইনিংছ ত২৫৬/৮ ৰে ইনিংছ পুনৰ আৰম্ভ কৰে আৰু অৱশেষত ৯৫.৫ অভাৰত ২৭২ ৰান কৰি অল আউট হয়। সৌৰভ কৰ্মকাৰে ৮৪ আৰু সীমন্ত ৰয় ৰিংকুৱে (৬২) উল্লেখযোগ্য অৱদান আগবঢ়ায়।

অসমৰ হৈ মানশ প্ৰতীম বৰ্মনে ৩৬ ৰানত ৩ উইকেট দখল কৰাৰ বিপৰীতে  নিখুঁত আৰু নিয়ন্ত্ৰিত বলিং স্পেলেৰে অমিত চৌধুৰী (২/২১), আলহাম ৱাহিদ (২/৪৯), আৰু মনীষ মাহাটোৱে (২/৫৫) আকৰ্ষণীয় প্ৰদৰ্শন দাঙি ধৰে।

ইয়াৰ প্ৰত্যুত্তৰত অচ্যুত দাস আৰম্ভণিতে  শূণ্য ৰানত আউট হোৱাত অসম শলঠেকত পৰে যদিও জুলিয়েনৰ আগ্ৰাসী বেটিঙে স্ক’ৰব’ৰ্ড গতিশীল কৰি ৰাখে। ৫২ ৰানত অপৰাজিত হৈ থাকে মনীষ মাহাটো।

লগতে পঢ়কঃ কোভিশ্বিল্ড ভেকচিন লোৱাসকলৰ হ’ব পাৰে এই বিৰল ছাইড এফেক্ট; স্বীকাৰ কৰিলে এষ্ট্ৰাজেনেকাই

বগুৰাৰ শ্বহীদ কামৰুজ্জামান ষ্টেডিয়াম আৰু শ্বহীদ চান্দু ষ্টেডিয়ামত অসম দলটোৱে বাংলাদেশৰ ৰাষ্ট্ৰীয় ১৫ অনুৰ্ধ দলৰ বিৰুদ্ধে তিনিদিনীয়া দুখন খেল আৰু তিনিখন এদিনীয়া খেল খেলিব। ১৪ মে’ত এই ছিৰিজৰ অন্ত পৰিব।