NORTHEAST NOW (Assamese)

লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

December 5, 2022 6:04 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱা বৰ্ষৰ ৩ অক্টোবৰত সংঘটিত লখিমপুৰ খেৰী হত্যাকাণ্ড গোচৰৰ মূল অভিযুক্ত আশীষ মিশ্ৰই আজি উচ্চতম ন্যায়ালয়ত দাখিল কৰা ডিচচাৰ্জ আবেদন নাকচ কৰিছে শীৰ্ষ আদালতে। আদালতে লগতে মঙলবাৰে আশীষ মিশ্ৰৰ লগতে এই হত্যাকাণ্ডৰ সৈতে জড়িত সকলো অভিযুক্তৰ বিৰুদ্ধে বিচাৰ চলোৱা হ’ব বুলি নিশ্চিত কৰিছে।

উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ আদেশক ৰদ কৰি আশীষ মিশ্ৰক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়াৰ পিছত যোৱা ২৪ এপ্ৰিলত মিশ্ৰই ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই ২০২১ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী অঞ্চলত গাড়ীৰে মহতীয়াই ৪ জন প্ৰতিবাদকাৰী কৃষকক হত্যা কৰিছিল বুলি অভিযোগ কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত মিশ্ৰক ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল।

এলাহাবাদ উচ্ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে খেৰীত নিহত কৃষক সকলৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত ১৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন বাতিল কৰি এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

এক শুনানিৰ সময়ত, শীৰ্ষ আদালতে মিশ্ৰাক জামিন প্ৰদান কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি উচ্চ ন্যায়ালয়ে ইয়াৰ অধিকাৰ ক্ষেত্ৰ অতিক্ৰম কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ২৪ এপ্ৰিলত পুনৰ আত্মসমৰ্পণ কৰিছিল আশীষ মিশ্ৰই। ইয়াৰ পাছতো আশীষ মিশ্ৰই কেইবাবাৰো জামিন আবেদন দাখিল কৰিছিল যদিও তেওঁৰ আবেদন নাকচ কৰি আহিছে আদালতে।

Related News