‘ক’লা ধন বগা কৰাৰ ভাল উপায় আছিল বিমুদ্ৰাকৰণ’, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্যত জোকাৰণি

ন্যায়াধীশ বি ভি নাগাৰত্না।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই কয় যে বিমুদ্ৰাকৰণ ক’লা ধন বগা কৰাৰ এক উত্তম উপায়। ২০২৩ চনৰ জানুৱাৰী মাহত বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ৪-১ৰ ব্যৱধানত বাহাল ৰখা উচ্চতম আদালতৰ বিচাৰপীঠত আছিল ন্যায়াধীশগৰাকী। বিচাৰপীঠত একমাত্ৰ পৃথক সিদ্ধান্ত দিছিল ন্যায়াধীশ নাগৰত্নাই।

ন্যায়াধীশ নাগৰত্নাই শনিবাৰে প্ৰশ্ন উত্থাপন কৰে যে যদি ৯৮ শতাংশ বিমুদ্ৰাকৃত নোটেই ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহে, তেন্তে সেই সিদ্ধান্তৰ ফলত ক’লা ধন কেনেকৈ নিৰ্মূল হ’ব পাৰে?

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এই প্ৰশ্নত নৰেন্দ্ৰ মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিমুদ্ৰাকৰণ আচলতে মোডী চৰকাৰৰ এক বৃহৎ দুৰ্নীতি বুলি অভিযোগ উত্থাপন কৰিছে শতাব্দী প্ৰাচীন দলৰ।

লগতে পঢ়কঃ নিষেধাজ্ঞা প্ৰত্যাহাৰ, এতিয়াৰে পৰা ব্ৰিটিছ সেনাবাহিনীৰ সদস্যই ৰাখিব পাৰিব দাড়ি

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে শনিবাৰে হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ত এই মন্তব্য কৰে, তাকেই লৈ কংগ্ৰেছে ন্যায়াধীশ নাগাৰত্নাৰ মন্তব্যক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি মোডী চৰকাৰক আক্ৰমণ কৰিছে।

তেওঁ কয়, ‘৯৮ শতাংশ নোট ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিছিল। তেতিয়াহ’লে ক’লা ধন নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমি কোন পথত আগবাঢ়িলো? মই অনুভৱ কৰিছিলোঁ যে এইটো (বিমুদ্ৰাকৰণ) ক’লা ধন বগা কৰাৰ এটা ভাল উপায় আছিল। তাৰপিছত আয়কৰ সংক্ৰান্ত কি প্ৰক্ৰিয়া হৈছিল আমি নাজানো। সাধাৰণ মানুহৰ দুৰ্দশাই মোক জোকাৰি গৈছিল। সেয়ে মই (নোট বাতিলৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়) বিৰোধিতা কৰিবলৈ বাধ্য হওঁ।‘

ন্যায়াধীশ নাগাৰত্নাৰ মন্তব্যৰ উদ্ধৃতি দি কংগ্ৰেছে কয়, ‘ক’লা ধন বগা কৰাৰ পথ আছিল বিমুদ্ৰাকৰণ। যদি বিমুদ্ৰাকৰণৰ পিছত ৯৮ শতাংশ ধন ঘূৰি আহে, তেন্তে ক’লা ধন ক’লৈ গ’ল? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই এই মন্তব্য কৰিছে। ন্যায়াধীশ নাগাৰত্নাই কৈছে যে বিমুদ্ৰাকৰণৰ পিছত সাধাৰণ জনতাই সন্মুখীন হোৱা দুৰ্দশাৰ বাবে তেওঁ দুখী। এই বক্তব্যৰ পৰা স্পষ্ট যে বিমুদ্ৰাকৰণ আচলতে মোডী চৰকাৰৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ। এইটোৱেই আটাইতকৈ ডাঙৰ দুৰ্নীতি। যি দুৰ্নীতিৰ জৰিয়তে ক’লা ধন বগা কৰা হৈছিল।’

লগতে পঢ়কঃঘন্টাত ১৫৫.৮ কিলোমিটাৰ! অভিষেকতে IPLৰ দ্ৰুততম বল অখ্যাত ভাৰতীয় পেচাৰৰ, কোন এই মায়ংক যাদৱ?

উল্লেখ্য যে ২০১৬ চনৰ ৮ নৱেম্বৰত মোদীয়ে ৫০০ আৰু ১০০০ টকীয়া নোট বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। ৫০০ আৰু ১০০০ টকীয়া সকলো নোট বজাৰৰ পৰা তুলি নিয়া হৈছিল। মোডী চৰকাৰে যুক্তি দিছিল যে সন্ত্ৰাসবাদলৈ বিত্তীয় সাহায্য ৰোধ আৰু ক’লা ধন নিৰ্মূলৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু বিৰোধীয়ে দাবী কৰিছিল যে মোডী চৰকাৰে প্ৰকৃততে ক’লা ধন বগা কৰাৰ দুৱাৰ মুকলি কৰিছে। যিসকলে ক’লা ধন ৰাখিছিল, তেওঁলোকে সেইবোৰ বগা কৰি পেলাইছে।