• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ক’লা ধন বগা কৰাৰ ভাল উপায় আছিল বিমুদ্ৰাকৰণ’, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্যত জোকাৰণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2024 2:33 pm
ন্যায়াধীশ বি ভি নাগাৰত্না।

ন্যায়াধীশ বি ভি নাগাৰত্না।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই কয় যে বিমুদ্ৰাকৰণ ক’লা ধন বগা কৰাৰ এক উত্তম উপায়। ২০২৩ চনৰ জানুৱাৰী মাহত বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ৪-১ৰ ব্যৱধানত বাহাল ৰখা উচ্চতম আদালতৰ বিচাৰপীঠত আছিল ন্যায়াধীশগৰাকী। বিচাৰপীঠত একমাত্ৰ পৃথক সিদ্ধান্ত দিছিল ন্যায়াধীশ নাগৰত্নাই।

ন্যায়াধীশ নাগৰত্নাই শনিবাৰে প্ৰশ্ন উত্থাপন কৰে যে যদি ৯৮ শতাংশ বিমুদ্ৰাকৃত নোটেই ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহে, তেন্তে সেই সিদ্ধান্তৰ ফলত ক’লা ধন কেনেকৈ নিৰ্মূল হ’ব পাৰে?

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এই প্ৰশ্নত নৰেন্দ্ৰ মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিমুদ্ৰাকৰণ আচলতে মোডী চৰকাৰৰ এক বৃহৎ দুৰ্নীতি বুলি অভিযোগ উত্থাপন কৰিছে শতাব্দী প্ৰাচীন দলৰ।

Apply Now

লগতে পঢ়কঃ নিষেধাজ্ঞা প্ৰত্যাহাৰ, এতিয়াৰে পৰা ব্ৰিটিছ সেনাবাহিনীৰ সদস্যই ৰাখিব পাৰিব দাড়ি

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে শনিবাৰে হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ত এই মন্তব্য কৰে, তাকেই লৈ কংগ্ৰেছে ন্যায়াধীশ নাগাৰত্নাৰ মন্তব্যক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি মোডী চৰকাৰক আক্ৰমণ কৰিছে।

তেওঁ কয়, ‘৯৮ শতাংশ নোট ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিছিল। তেতিয়াহ’লে ক’লা ধন নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমি কোন পথত আগবাঢ়িলো? মই অনুভৱ কৰিছিলোঁ যে এইটো (বিমুদ্ৰাকৰণ) ক’লা ধন বগা কৰাৰ এটা ভাল উপায় আছিল। তাৰপিছত আয়কৰ সংক্ৰান্ত কি প্ৰক্ৰিয়া হৈছিল আমি নাজানো। সাধাৰণ মানুহৰ দুৰ্দশাই মোক জোকাৰি গৈছিল। সেয়ে মই (নোট বাতিলৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়) বিৰোধিতা কৰিবলৈ বাধ্য হওঁ।‘

ন্যায়াধীশ নাগাৰত্নাৰ মন্তব্যৰ উদ্ধৃতি দি কংগ্ৰেছে কয়, ‘ক’লা ধন বগা কৰাৰ পথ আছিল বিমুদ্ৰাকৰণ। যদি বিমুদ্ৰাকৰণৰ পিছত ৯৮ শতাংশ ধন ঘূৰি আহে, তেন্তে ক’লা ধন ক’লৈ গ’ল? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই এই মন্তব্য কৰিছে। ন্যায়াধীশ নাগাৰত্নাই কৈছে যে বিমুদ্ৰাকৰণৰ পিছত সাধাৰণ জনতাই সন্মুখীন হোৱা দুৰ্দশাৰ বাবে তেওঁ দুখী। এই বক্তব্যৰ পৰা স্পষ্ট যে বিমুদ্ৰাকৰণ আচলতে মোডী চৰকাৰৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ। এইটোৱেই আটাইতকৈ ডাঙৰ দুৰ্নীতি। যি দুৰ্নীতিৰ জৰিয়তে ক’লা ধন বগা কৰা হৈছিল।’

লগতে পঢ়কঃঘন্টাত ১৫৫.৮ কিলোমিটাৰ! অভিষেকতে IPLৰ দ্ৰুততম বল অখ্যাত ভাৰতীয় পেচাৰৰ, কোন এই মায়ংক যাদৱ?

উল্লেখ্য যে ২০১৬ চনৰ ৮ নৱেম্বৰত মোদীয়ে ৫০০ আৰু ১০০০ টকীয়া নোট বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। ৫০০ আৰু ১০০০ টকীয়া সকলো নোট বজাৰৰ পৰা তুলি নিয়া হৈছিল। মোডী চৰকাৰে যুক্তি দিছিল যে সন্ত্ৰাসবাদলৈ বিত্তীয় সাহায্য ৰোধ আৰু ক’লা ধন নিৰ্মূলৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু বিৰোধীয়ে দাবী কৰিছিল যে মোডী চৰকাৰে প্ৰকৃততে ক’লা ধন বগা কৰাৰ দুৱাৰ মুকলি কৰিছে। যিসকলে ক’লা ধন ৰাখিছিল, তেওঁলোকে সেইবোৰ বগা কৰি পেলাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd