ন্যায়াধীশ জিতেন্দ্ৰ কুমাৰ মহেশ্বৰীক ছিকিম উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ নিযুক্তি

ন্যায়াধীশ জিতেন্দ্ৰ কুমাৰ মহেশ্বৰীক ছিকিম উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

ইয়াৰ পূৰ্বে ন্যায়াধীশ জিতেন্দ্ৰ কুমাৰ মহেশ্বৰীয়ে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

ইপিনে, ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীক অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়।

১৯৬১ চনৰ ২৯ জুনত জন্মগ্ৰহণ কৰা ন্যায়াধীশ জে কে মহেশ্বৰীয়ে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ উপৰিও মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

জে কে মহেশ্বৰীয়ে মধ্যপ্ৰদেশৰ মৰেনা জিলাৰ জৌৰা নামৰ এখন সৰু চহৰত জন্মগ্ৰহণ কৰিছিল।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ পূৰ্বে জে কে মহেশ্বৰীয়ে গোৱালিয়ৰত উকীল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।