• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আজি ভাৰতৰ ন্যায়পালিকাৰ সৰ্বোচ্চ পদত অসম-সন্তানৰ অভিষেক

শিৱজিত দত্ত by শিৱজিত দত্ত
October 3, 2018 11:11 am
ranjan-kovind-750x375

শপত গ্ৰহণ অনুষ্ঠানৰ মাজতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰাষ্ট্পতি ৰামনাথ কোবিন্দ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তাহানি বেজবৰুৱাই গাইছিল,“আমি অসমীয়া নহওঁ দুখীয়া!” ইয়াৰ দ্বাৰা তেওঁ নিশ্চয় এনে অৰ্থ কৰা নাছিল যে অসমত দুখীয়া মানুহ নাই। বৰং দুখুনী অসমীৰ সমসাময়িক দুখ-দুৰ্দশাৰ প্ৰেক্ষাপটতে অসম-সন্তানসকলক সিবিলাকৰ চহকী ঐতিহ্য সোঁৱৰাই হীনমন্যতা দূৰ কৰি উৎসাহিত কৰিবলৈকে তেওঁ গীতফাকি গাইছিল।  আজিও অসম আৰু অসমীয়াৰ অৱস্থা উৎসাহজনক নহয়। তথাপি কোনো কোনো অসম-সন্তানৰ প্ৰতিভাৰ আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় স্বীকৃতিয়ে আমাৰ তাপিত পৰাণ শীতলাই “আমি অসমীয়া নহওঁ দুখীয়া”ৰ নিফুট বাণীৰে হৃদয় উদ্বেলিত কৰে। হিমা দাস, ৰীমা দাসৰ সাফল্যৰ পিছতে ভাৰতৰ ন্যায়পালিকাৰ সৰ্বোচ্চ পদত এজন অসমীয়াৰ অভিষেক তেনে এক আত্মবিশ্বাস আৰু গৰ্ববোধ সঞ্চাৰী সমসাময়িক ঘটনা।

হয়, অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী কেশৱ গগৈ আৰু তেখেতৰ পত্নী শান্তি গগৈৰ সুযোগ্য পুত্ৰ ৰঞ্জন গগৈৰ কথাই কৈছোঁ।

শ্ৰী গগৈয়ে আইনৰ কেৰিয়াৰৰ পাতনি মেলে ১৯৭৮ চনত গুৱাহাটী বাৰ এছ’চিয়েশ্যনত আইনজীৱী হিচাপে যোগদানৰ জৰিয়তে। ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰি তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালত তেওঁ স্থায়ী ন্যায়াধীশৰূপে নিযুক্ত হয়। ২০১০ চনৰ ৯ ছেপ্তেম্বৰ তাৰিখে তেওঁ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি পায় আৰু ২০১১ চনৰ ১২ ফেব্ৰুৱাৰি তাৰিখে উক্ত উচ্চ ন্যায়ালয়ৰে মুখ্য ন্যায়াধীশৰূপে নিযুক্ত হয়।

২০১২ চনৰ ২৩ এপ্ৰিল তাৰিখে তেওঁ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি পায় আৰু ২০১৮ চনৰ ১৩ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই তেওঁক দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশৰূপে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে। অহা ৩ অক্টোবৰ তাৰিখে তেওঁ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব।

এইখিনিতে শ্ৰ্ৰী গগৈয়ে ৰায়দান কৰা কেইটামান উল্লেখযোগ্য মোকৰ্দমাৰ ওপৰত সংক্ষেপে আলোকপাত কৰিছো।

১) ঘৰৰ চাল বা ছাদত ম’বাইল ফোনৰ টাৱাৰ আৰু অন্যান্য সঁজুলি সংস্থাপন কৰাৰ বাবদ গুজৰাট চৰকাৰে ৰিলায়েন্স কম্যুনিকেইশ্যনক ১৩ কোটি টকা সম্পত্তি কৰ হিচাপে আদায় দিব কোৱাত কোম্পানিটোৱে আইনী প্ৰত্যাহ্বান দিছিল। ৰঞ্জন গগৈ নেতৃত্বাধীন বেন্সে সেই প্ৰত্যাহ্বান খাৰিজ কৰিছিল।

২) প্ৰাক্তন মুখ্য মন্ত্ৰীসকলে ওৰে জীৱন কৰ্মকৰ্তা সহিতে চৰকাৰী বঙলা ঘৰৰ সুবিধা  লাভ কৰিব বুলি উত্তৰ প্ৰদেশ চৰকাৰে তৈয়াৰ কৰা আইন ৰঞ্জন গগৈ আৰু আৰ্ বানুমথীৰ বেন্সে খাৰিজ কৰে, মন্ত্ৰীত্ব যোৱাৰ পিছত সকলোৱেই ‘সাধাৰণ মানুহ’ বুলি অভিহিত কৰে আৰু আন ৰাজ্যতো একেই নিয়ম প্ৰযোজ্য হ’ব বুলি ৰায় দিয়ে।

৩) ‘কৌন বনেগা কৰোড়পতি’ নামৰ জনপ্ৰিয় অনুষ্ঠানৰ পৰা অমিতাভ বচ্চনে আয় কৰা ধনৰ ওপৰত যি আয়কৰ লাগিছিল, তাৰ ২০০১-২০০২ বৰ্ষত কৰা হিচাপ পুনৰীক্ষন কৰিবলৈ CIT (Commissioner of Income Tax)-এ নিৰ্দেশ দিছিল। কিন্তু, মুম্বাই উচ্চ ন্যায়ালয়ে সেই নিৰ্দেশ খাৰিজ কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ত জাষ্টিছ ৰঞ্জন গগৈ আৰু জাষ্টিছ প্ৰফুল্ল চন্দ্ৰ পন্তৰ বেন্সে মুম্বাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ খাৰিজ কৰি CIT-ৰ নিৰ্দেশ বাহাল ৰাখে।

৪) ২০১১ চনৰ ১ ফেব্ৰুৱাৰি তাৰিখে গোৱিন্দস্বামী নামৰ জনৈক ব্যক্তিয়ে ২০ বছৰীয়া গাভৰু সৌম্যক চলন্ত ট্ৰেইনৰ পৰা বলপূৰ্বকভাৱে টানি নমাই পিছত ধৰ্ষণ কৰে বুলি অভিযোগ উঠিছিল। ফেব্ৰুৱাৰিৰ ৬ তাৰিখে হস্পিটেলত সৌম্যৰ মৃত্যু হয়।

এই সংক্ৰান্তীয় গোচৰত ট্ৰায়েল ক’ৰ্টে গোৱিন্দস্বামীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় দিয়ে আৰু কেৰেলা উচ্চ ন্যায়lলয়েও তাক ২০১৩ চনৰ ১৭ ডিচেম্বৰত দিয়া ৰায়যোগে বাহাল ৰাখে। কিন্তু, ২০১৬ চনৰ ১৫ ছেপ্তেম্বৰ তাৰিখে দিয়া ৰায়ৰ যোগেদি জাষ্টিছ ৰঞ্জন গগৈ, জাষ্টিছ প্ৰফুল্ল চন্দ্ৰ পন্ত আৰু জাষ্টিছ উদয় উমেশ ললিতৰ বেন্সে গোৱিন্দস্বামীৰ মৃত্যদণ্ড নাকচ কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে দেশজুৰি বিভিন্ন মহলৰ পৰা সমালোচনাৰ জোৱাৰ উঠিছিল। সমালোচকসকলৰ ভিতৰত অন্যতম আছিল সৰ্বোচ্চ ন্যায়ালয়ৰ একালৰ ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজু। ছ’ছিয়েল মিডিয়াত প্ৰচাৰিত কাটজুৰ ব্লগৰ ওপৰত ভিত্তি কৰি ৰঞ্জন গগৈ নেতৃত্বাধীন বেন্সে ক’ৰ্ট অৱমাননাক লৈ কাটজুক ন’টিচ দিয়ে আৰু কাটজুৱে বিচাৰ নহয় বিচাৰপতিকহে আক্ৰমণ কৰা বুলি অভিহিত কৰে। কাটজুৱে পিছত ক্ষমাপ্ৰাৰ্থনা কৰে আৰু গগৈ নেতৃত্বাধীন বেন্সে সেয়া মঞ্জুৰ কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ এজন বিচাৰকে এনেধৰণৰ ন’টিচ পোৱাৰ ঘটনা সেই সময়ত আছিল নজিৰবিহীন।

৫) ২০১৫ চনত দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ৰ যোগেদি জাষ্টিছ ৰঞ্জন গগৈ আৰু জাষ্টিছ পি চি ঘোষে ছপা চৰকাৰী বিজ্ঞাপনত ৰাজনৈতিক নেতা-মন্ত্ৰী আদিৰ ছবি সংযুক্ত কৰাটো নিষিদ্ধ কৰে। ই ব্যক্তিপূজাক উৎসাহিত কৰিব আৰু গণতন্ত্ৰৰ পৰিপন্থী হ’ব বুলি তেওঁলোকে মত পোষণ কৰে। এই ৰায় অনুসৰি এতিয়া ছপা চৰকাৰী বিজ্ঞাপনত কেৱল ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ভাৰতৰ মুখ্য ন্যায়াধীশৰ লগতে মহাত্মা গান্ধীকে ধৰি দেশৰ মৃত নেতাসকলৰ ছবিহে থাকিব পাৰিব।

৬) অসমৰ বাবে সবাতোকৈ ডাঙৰ কথা এই যে ৰাজ্যখনত বহু প্ৰত্যাশিত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম-কাজ জাষ্টিছ ৰঞ্জন গগৈ আৰু জাষ্টিছ ৰোহিণ্টন ফলি নৰিমানৰ বেন্সৰ তদাৰকীত চলি আছে। গগৈ-নৰিমানৰ আইনী হস্তক্ষেপৰ বাবেই ৰাজনীতিৰ কুহেলিকা ভেদি সম্পূৰ্ণ নাগৰিকপঞ্জী ভূমিষ্ঠ হ’বলৈ গৈ আছে বুলি বহুতেই ভাবে। এই সম্পৰ্কত অধিক ক’বৰ দৰকাৰ নাই, বিষয়টো কম-বেছি পৰিমাণে সকলোৰে জ্ঞাত। এটা মাত্ৰ টিপ্পনীৰ দৰকাৰ অনুভৱ কৰোঁ- গগৈ-নৰিমানৰ দৃঢ়তা আজিৰ তাৰিখত ন্যস্ত স্বাৰ্থজড়িত মহলৰ বাবে মূৰৰ কামোৰনি স্বৰূপ।

এইখিনিতে চলিত বৰ্ষৰ আৰম্ভণিতে সংঘটিত এক বিশেষ ঘটনাৰ কথা মনত পেলাওঁ।  জানুৱাৰিৰ ১২ তাৰিখে দেশৰ চাৰিজনকৈ জ্যেষ্ঠ ন্যায়াধীশ ক্ৰমে জাষ্টি চেলামেশ্বৰ, ৰঞ্জন গগৈ, মদন লোকুৰ আৰু কুৰিয়ান জোচেফে মুখ্য ন্যায়াধীশে ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ অভিযোগ তুলি এই বৰ্ষৰ জানুৱাৰিৰ ১২ তাৰিখে এক সংবাদমেল সম্বোধন কৰিছিল আৰু ইয়াৰ দ্বাৰা গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ন্যায়পালিকাক সুৰক্ষিত কৰাৰ হকে পদক্ষেপ লৈ এক জাতীয় দায়িত্ব পালন কৰা বুলি দাবী কৰিছিল।

এই অভূতপূৰ্ব সংবাদমেলে সমগ্ৰ দেশ জোকাৰি গৈছিল। তেওঁলোকৰ মূল অভিযোগ আছিল এই যে মুখ্য ন্যায়াধীশ মিশ্ৰই বৃ্হত্তৰ ৰাজহুৱা স্বাৰ্থজড়িত গুৰুত্বপূৰ্ণ মোকদৰ্মা বিশেষৰ দায়িত্ব যুক্তিহীনভাৱে নিজৰ পচন্দৰ বিচাৰপতিৰ হাতত ন্যস্ত কৰিছিল। চাৰিওজনে আপত্তি কৰিছিল যে এনেকৈ চলিলে আমাৰ গণতন্ত্ৰলৈ আৰু সৰ্বোচ্চ ন্যায়ালয়লৈ সংকট নামি আহিব। এনে ‘বিদ্ৰোহ’ ৰঞ্জন গগৈ মুখ্য ন্যায়াধীশ হোৱাৰ বাটৰ বাধা হ’ব বুলি বহুতেই ভাবিছিল। কিন্তু, সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই গগৈৰ নাম চুপাৰিছ কৰিলে আৰু ৰাষ্ট্ৰপতিয়ে তাত আনুষ্ঠানিক মোহৰ লগালে।

ৰঞ্জন গগৈ সৰ্বোচ্চ ন্যায়ালয়ৰ সেই ১২জন ন্যায়াধীশৰ এজন, যিয়ে শেহতীয়াকৈ অ’ফিচিয়েল ৱেবছাইট্ যোগে নিজৰ সম্পত্তিৰ হিচাপ ৰাজহুৱা কৰিছে। বেলতলাত তেখেতৰ নামত এটুকুৰা মাটি আছিল আৰু সেইটুকুৰা ইতিমধ্যেই তেখেতে বিক্ৰী কৰিছে। মাতৃৰ পৰা তেওঁ আৰু তেওঁৰ পত্নীয়ে জাপৰিগোগত থকা আন এটুকুৰা মাটি আৰু অসম আৰ্হিৰ ঘৰ এটা পাইছে। ব্যক্তিগত মটৰগাড়ী তেওঁৰ নাই।

অন্যক্ষেত্ৰত মিষ্টভাষী, সদালাপী, কিন্তু কৰ্মক্ষেত্ৰত অনমনীয় আৰু সকলো ক্ষেত্ৰতে  কৰ্মনিপুণ, দ্ৰুতবেগী আৰু স্বাধীনচেতা বুলি খ্যাত গগৈৰ পৰা দেশবাসীয়ে এই আশা কৰে যে তেওঁৰ নেতৃত্বত ন্যায়পালিকা অধিক গণমুখী আৰু অধিক আস্থাভাজন হৈ পৰিব। শ্ৰী গগৈৰ কাৰ্যকাল সমাপ্ত হ’ব ২০১৯ চনৰ ১৭ নৱেম্বৰ তাৰিখে। সময় কম, সমুখত পৰ্বত-প্ৰমাণ প্ৰত্যাহ্বান। পৰি থকা গোচৰৰ সংখ্যাক লৈ ব্যথিত গগৈয়ে নিজেই কৈছিল যে উচ্চাকাংক্ষী কেৰিয়াৰৰ সপোন নেদেখা, নিখুঁত চৰিত্ৰ, অসাধাৰণ যোগ্যতা, সামৰ্থ্য আৰু ন্যায়নিষ্ঠা থকা আৰু দিনৰ ২৪ ঘণ্টাক ৩০ ঘণ্টাত পৰিণত কৰিব পৰাজনহে প্ৰকৃত ন্যায়াধীশ হ’ব পাৰে আৰু এনে ন্যায়াধীশ স্বৰ্গতো পাবলৈ নাই। কিন্তু, আমি আশা কৰোঁ যে তেনে এক প্ৰকৃত ন্যায়াধীশ হোৱাৰ বাটত দৃঢ়তাৰে খোজ দি ৰঞ্জন গগৈয়ে অসমী আইৰ মুখ আকৌ এবাৰ জিলিকাই তুলিব।

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd