২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

এগৰাকী নতুন মুখ্য ন্যায়াধীশ লাভ কৰিবলৈ ওলাইছে দেশে। অহা ২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশগৰাকীক। বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনাৰ কাৰ্যকাল চলিত বৰ্ষৰ ২৬ আগষ্টত অন্ত পৰিব।

ৰামানাৰ অৱসৰৰ পিছতে দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ উদয় উমেশ ললিতে।উদয় উমেশ ললিতৰ জন্ম হৈছিল ১৯৫৭চনৰ ৯ নৱেম্বৰ।তেওঁ বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে কাৰ্য নিৰ্বাহ কৰি আছে। ন্যায়াধীশ হিচাপে পদোন্নতি পোৱাৰ আগতে তেওঁ উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।

ন্যায়াধীশ ললিত হৈছে উচ্চতম ন্যায়ালয়লৈ পোনপটীয়াকৈ উন্নীত হোৱা ষষ্ঠ জ্যেষ্ঠ অধিবক্তা। ললিতে ১৯৮৩ চনৰ জুন মাহত প্ৰথমে ওকালতি আৰম্ভ কৰিছিল আৰু ১৯৮৬ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ত অনুশীলন কৰিবলৈ লৈছিল। ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ ললিতে ভাৰতৰ প্ৰাক্তন এটৰ্নি জেনেৰেল চোলি ছোৰাবজীৰ সৈতে কাম কৰিছিল। ২০০৪ চনৰ ২৯ এপ্ৰিলত ললিতক উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল।

৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে দায়িত্ব গ্ৰহণ কৰিবলগীয়া ললিতে মাত্ৰ ৭৪ দিনৰ বাবেহে ভাৰতৰ মুখ্য ন্যায়াধীশৰ পদত কাৰ্যনিৰ্বাহ কৰিব। কাৰণ তেওঁ ২০২২ চনৰ ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি ন্যায়াধীশ ললিতক ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদয় জনায়।সেইমৰ্মে ন্যায়াধীশ ললিতে চলিত বৰ্ষৰ ২৭ আগষ্টত দায়িত্ব গ্ৰহণ কৰিব।

ভাৰতৰ বিদায়ী মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।আইন মন্ত্ৰালয়ৰ এক জাননীত কোৱা হৈছে, “সংবিধানৰ ১২৪ নং অনুচ্ছেদৰ ২ নং দফাৰ বিধানৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উদয় উমেশ ললিতক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে।” তেওঁৰ নিযুক্তি ২৭ আগষ্ট, ২০২২ ৰ পৰা কাৰ্যকৰী হ’ব।