কৃষিমন্ত্ৰী অতুল বৰাৰ ঘোষণা অসাৰ : স্থানীয় বজাৰতকৈ কৃষকক কম মূল্য দিয়ে ভাৰতীয় মৰাপাট নিগমে

index

ভাৰতীয় মৰাপাট নিগমৰ পৰা মৰিগাঁৱৰ কৃষকে মৰাপাটৰ নাপায় উচিত মূল্য। মৰিগাঁও জিলাৰ ভূৰাগাঁওস্থিত ভাৰতীয় মৰাপাট নিগমৰ ক্ৰয় কেন্দ্ৰটোত এতিয়া বানেধোৱা জিলাখনৰ খেতিয়কসকলে বিক্ৰী ন’কৰে তেঁওলোকৰ উৎপাদিত শস্য।

কিয়নো যি সময়ত চৰকাৰে মধ্যভোগীৰ কথা কৈ কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱা বুলি কৈ আক্ষেপ প্ৰকাশ কৰে তেনে সময়তে আনকি খোদ ভাৰতীয় মৰাপাট নিগমতে উচিত মূল্য প্ৰাপ্তিৰ পৰা যযাৰ্থতে বঞ্চিত হৈছে ভূৰাগাঁও অঞ্চলৰ মৰাপাটৰ কৃষকসকল।

ভূৰাগাঁৱৰ চৰকাৰী উক্ত কেন্দ্ৰটোৱে কম মূল্য দিয়াৰ পৰিবৰ্তে স্থানীয় কৃষকসকলে ওচৰৰ হাট,বজাৰতহে নিজৰ উৎপাদিত শস্য উচিত মূল্য লাভ কৰা বাবে লাভান্বিত হৈছে মৰাপাট খেতিয়কসকল।

তেনে ক্ষেত্ৰত মৰাপাটৰ নিচেই কম মূল্য দিয়া চৰকাৰী ক্ৰয় কেন্দ্ৰটোত কৃষকে মৰাপাট বিক্ৰী নকৰে বুলিও কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখ্য যে যি সময়ত পৰিৱৰ্তনশীল চৰকাৰখনৰ বিয়াগোম কৃষি বিভাগৰ বহুবল্কী কৃষিমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ কৃষিখণ্ডত ব্যাপক সংস্কাৰ সাধন কৰা বুলি সভাই সমিতিয়ে ভাষণৰ ফুলজাৰিৰে জাহিৰ কৰিছে তেনে সময়তে বানবিধস্ত মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ লগতে পাৰ্শ্চৱৰ্তী অঞ্চলসমূহৰ খেতিয়কসকলৰ দুৰ্দশাৰ খবৰ ৰাখিছেনে বুলিও ভোক্তভোগী খেতিয়কসকলে মিথ্যাচাৰী, বহুবল্কী মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছে।

কথাৰে নহয়, কামেৰে নিজৰ পৰিচয় দিয়ক বুলি কটাক্ষ কৰি খেতিয়কসকলে ইয়াৰ উচিত প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনসমূহত দিবলৈ বদ্ধপৰিকৰ বুলিও চৰকাৰক সকিয়নী প্ৰদান কৰিছে।