পশ্চিম কাৰ্বি আংলঙত যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ‘কবিৰাজ’ক মৰিয়াই হত্যা

Dead-Ali-1140x570

হোজাই জিলাৰ ৰাইকাটা চন্দনপুৰৰ বাসিন্দা হুছেইন আলীক একাংশ উত্তেজিত ৰাইজে মৰিয়াই হত্যা কৰে। ফটো : নৰ্থইষ্ট নাও

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম আৰক্ষী চকীৰ অন্তৰ্গত ছিতই আদং গাঁৱত একাংশ উত্তেজিত লোকে বৃহস্পতিবাৰে দুগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন ভণ্ড কবিৰাজক মৰিয়াই হত্যা কৰে।

নিহত কবিৰাজজনক হোজাই জিলাৰ ৰাইকাটা চন্দনপুৰৰ বাসিন্দা হুছেইন আলী(৪৫) বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি অঞ্চলটোত অন্ধবিশ্বাসৰ বাবে জনসাধাৰণৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি হুছেইন আলীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ বেজালি চলাই আহিছিল।

তদুপৰি, অভিযোগ অনুসৰি হুছেইন আলীয়ে পুৰুষ আৰু মহিলা উভয়ৰে চিকিৎসা কৰিছিল যদিও মহিলা আৰু যুৱতী ৰোগীৰ প্ৰতি বিশেষ মনযোগ দিছিল।

স্থানীয় লোকে জানিবলৈ দিয়ে যে ‘’তেওঁলোকক হুছেইনে এক বন্ধ কোঠাত চিকিৎসা কৰিব বিচাৰে।‘’ ৩ জুলাইত তেওঁ একেদৰে এটা বন্ধ কোঠাত এগৰাকী যুৱতীৰ চিকিৎসা কৰিছিল।

বৃহস্পতিবাৰেও সেই একেখন গাঁৱৰে আন এগৰাকী যুৱতীক একেদৰেই বন্ধ কোঠাত চিকিৎসা কৰি আছিল।

আনহাতে, তেওঁ তাৰ পৰা যাবলৈ ওলোৱাৰ সময়তে উপস্থিত একাংশ ৰাইজে ছোৱালীজনীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি আক্ৰমণ কৰে।

গাঁওখনৰ গাঁওবুঢ়াগৰাকীয়ে একাংশ ৰাইজে মানুহজনক প্ৰহাৰ কৰাৰ বিষয়ে ডংকামুকাম আৰক্ষী চকীক অৱগত কৰে।

আৰক্ষীয়ে ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহত আলীক হাস্পাতললৈ নিয়ে যদিও তেওঁৰ মৃত্যু হয়।

পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে হামৰেণত সংবাদ মাধ্যমৰ আগত কয়, ‘’কোনেও নিজৰ হাতত আইন তুলি ল’ব নোৱাৰে।‘’

আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে কয়, ‘’ আমি ঘটনাস্তলী পৰিদৰ্শন কৰিছো। ছিটই আদঙৰ গাঁওবুঢ়াই এজন মানুহক প্ৰহাৰ কৰাৰ বিষয়ে ডংকামুকাম আৰক্ষী চকীত ৰাতিপুৱা প্ৰায় ১০.৪৫ বজাত আহি জনাইছিল। তাৎক্ষণিকভাৱে তাৰ ভাৰপ্ৰাপ্ত বিষয়াই গাওঁবুঢ়াৰ সৈতে গাঁওখনলৈ যায় আৰু ঘটনাটোৰ সত্যাসত্যতা জানিব পাৰে।‘’

‘’তেওঁক চিকিৎসাৰ বাবে অসামৰিক হাস্পাতললৈ নিয়া হয়। অৱশ্যে, চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষী ঘটনাস্থলীলৈ উভতি যায় আৰু সোধপোছ কি জানিব পাৰে যে কবিৰাজী চিকিৎসাৰ নামত কবিৰাজ আলীয়ে দুগৰাকী যুৱতীৰ লগত অশালীন ব্যৱহাৰৰ কৰাৰ পৰিণতিতে ঘটনাটো সংঘটিত হয়,’’-তালুকদাৰে কয়।

‘’ যিয়েই নহওক এয়া প্ৰথমতে আৰক্ষীক জনাব লাগিছিল। আমি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিলোহেঁতেন। আইনৰ ঊৰ্দ্ধত কোনো নহয় আৰু কোনোৱো নিজৰ হাতত আইন তুলি ল’ব নোৱাৰে,’’-আৰক্ষী অধীক্ষক তালুকদাৰে লগতে কয়।

আৰক্ষীয়ে ঘটনাটোৰ অনুসন্ধান অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তালুকদাৰে কয়, ‘’ আমি এটা গোচৰ ৰুজু কৰিছো আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব।‘’